NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাৰ বাগৰিত কলিকতা অভিমুখি চাৰিখন ট্ৰাকৰ পৰা চোৰাং চেগুন কাঠ জব্দ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 19, 2019 10:18 pm

ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বনাঞ্চলৰ ধ্বংসকাৰ্য। বহিঃ ৰাজ্যলৈ সংগোপনে সৰবৰাহ হৈ আছে বহু মূল্যবান বনজ সম্পদ। কাজিৰঙাৰ বাগৰিত আজি আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমানৰ মূল্যৱান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

এক বিশেষ সূত্ৰৰ আধাৰত জখলাবন্ধাৰ আৰক্ষীয়ে বাগৰিত থকা আৰক্ষী চকীৰ সহযোগত আজি অঞ্চলটোত অভিযান চলাই বৃহৎ পৰিমানৰ মূল্যবান চেগুন কাঠভৰ্তি চাৰিখন ১০ চকীয়া ট্ৰাক জব্দ কৰে।

আৰক্ষীয়ে জনোৱা মতে প্লাই বৰ্ডৰ চালানসহ ডিমাপুৰৰ পৰা কলিকতালৈ বুলি গৈ থকা ট্ৰাককেইখনত চেগুন কাঠখিনি প্লাই বৰ্ডৰ তলত লুকুৱাই অনা হৈছিল। আৰক্ষীয়ে ট্ৰাককেইখনত তালাচী চলোৱা সময়ত চেগুন কাঠখিনি উদ্ধাৰ হয়।

প্লাই বৰ্ডৰ তলত চোৰাং চেগুন কাঠ অনা ট্ৰাক কেইখনৰ পঞ্জীয়ন নম্বৰ হ’ল ক্ৰমে এম এল-০৬-টি-১৩২৫, এন এল-০১-এ ডি-০৬৯৭, এন এল-০১-এ ডি-২২৬৯, এন এল-০১-এ ডি-২২৭৩।

জব্দ কৰা চোৰাং চেগুন কাঠখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি জখলাবন্ধাৰ আৰক্ষীয়ে জানিবলৈ দিছে।

এই সম্পৰ্কত জখলাবন্ধাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ট্ৰাককেইখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰাৰ লগতে অধিক তথ্যৰ বাবে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে বুলি সদৰী কৰে।