NORTHEAST NOW (Assamese)
অসম

দৰঙৰ মাদ্ৰাছাত বস্তাই বস্তাই ওলাল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী August 19, 2019 10:10 pm
20190819_191611

চৰকাৰে সৰ্বসাধাৰণ লোকৰ বাবে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত যোগান ধৰা চাউল ক’লা বজাৰত বিক্ৰী হৈ অহা বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে আজি দৰং জিলাৰ দলগাঁও আৰক্ষীয়ে অঞ্চলটোৰ এখন মাদ্ৰাছাৰ পৰা বৃহৎ পৰিমাণৰ চাউল জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত চাউলখিনি অবৈধভাৱে বিক্ৰীৰ বাবে মাদ্ৰাছাখনত মজুত কৰি ৰখা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

জানিব পৰা মতে এই বৃহৎ পৰিমাণৰ চাউলখিনি আজি এখন অটো পিক আপ ভেনৰ সহায়েৰে দলগাঁও মাদ্ৰাছালৈ আনি তাত মজুত কৰিছিল।

একাংশ স্থানীয় সচেতন লোকে এই কথা গম পাই মাদ্ৰাছাত প্ৰৱেশ কৰি ঘটনাৰ অনুসন্ধান চলোৱাত ৫০ কিলোগ্ৰাম ওজনৰ ২৬টা চাউলৰ বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগে লগে ঘটনাৰ সবিশেষ আৰক্ষীক জনোৱাত মাদ্ৰাছাখনত আৰক্ষীৰ লোক উপস্থিত হৈ অবৈধভাৱে মজুত কৰা চাউলখিনি জব্দ কৰে।

উল্লেখ্য যে দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণ সমবায় সমিতিৰ একাংশ সদস্যই সাধাৰণ গৰীব শ্ৰেণীৰ লোকৰ নামত আবণ্টিত এই চাউল সমূহ বিভিন্ন কৌশলেৰে ক’লা বজাৰত বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন কৰে।

আনহাতে এনেবোৰ বৃহৎ কেলেংকাৰিৰ কথা পোহৰলৈ অহাৰ পিছতো বিভাগীয় বিষয়া সকলে সকলো কৌশলেৰে নিয়ন্ত্ৰণ কৰি সাৰি যাবলৈ সক্ষম হয় বুলিও স্থানীয় লোকে মন্তব্য কৰে।