NORTHEAST NOW (Assamese)
অসম

অসমীয়া কাব্য জগতৰ পুৰোধা ব্যক্তি নীলমণি ফুকনলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ‘ডি লিট’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2019 9:26 pm
Nilamani Phukan

অসমীয়া কাব্য সাহিত্য জগতৰ প্ৰতিযশা ব্যক্তি নীলমণি ফুকনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে ‘ডি লিট’ সন্মান প্ৰদান কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা সন্মানৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট কবি সাহিত্যিক গৰাকীয়ে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ ৰঞ্জিত তামুলীৰ নেতৃত্বত অহা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল এটাই কবিগৰাকীৰ বাসগৃহত সাক্ষাৎ কৰি তেখেতক এই সন্মান প্ৰদান কৰে।

এজন মহান কবি আৰু শিক্ষাবিদক এনে সন্মান প্ৰদান কৰিব পাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আনন্দ বোধ কৰিছে বুলি উল্লেখ কৰে উপাচাৰ্য্য তামুলীয়ে।

১৯৩৩ চনত ডেৰগাঁৱত জন্মলাভ কৰা নীলমণি ফুকনে ১৯৮১ চনত তেওঁ ‘কবিতা’ নামৰ কাব্য সংকলন খনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

আনহাতে, ভাৰত চৰকাৰে ১৯৯০ চনত বিশিষ্ট কবিগৰাকীলৈ ‘পদ্মশ্ৰী’ সন্মান আগবঢ়ায়।

সূৰ্য হেনো নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগন আদি নীলমণি ফুকনৰ উল্লেখযোগ্য সাহিত্য কৃতী।