NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ ৰাজ্যৰ লগতে জন্মভূমি শদিয়াতো সুধাকণ্ঠৰ ৯২তম জন্ম দিৱস উদযাপন

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ September 8, 2018 9:15 pm
Bhupen Hazarika

সমগ্ৰ ৰাজ্যৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মভূমি তিনিচুকীয়া জিলাৰ শদিয়াতো উলহ মালহেৰে তেখেতৰ ৯২তম জন্মদিৱস উদযাপন কৰা হয়। এই উপলক্ষে শদিয়াৰ ৰুক্মিণী উদ্যানত অসমীয়া যুৱ মঞ্চৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে এক অনুষ্ঠান আয়োজন কৰা হয়।

পুৱা ৮ বজাত মহকুমা ৰাজহ বিষয়া দিনচেংফা বৰুৱাই বন্তি প্ৰজলন কৰি সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উক্ত অনুষ্ঠানত শদিয়াৰ সামাজিক ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকী বৰেণ্য ব্যক্তিও উপস্থিত থাকে।

দুপৰীয়া ভাগত শদিয়াৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বিয়লি ভাগত শদিয়াৰ স্থানীয় শিল্পীৰ দ্বাৰা পৰিবেশিত ভূপেন্দ্ৰ সংগীতৰ অনুষ্ঠান আয়োজন কৰা হয়৷

তদুপৰি শদিয়াৰ বিভিন্ন চৰকাৰী বিদ্যালয়ে জন্ম দিৱসৰ সৈতে সংগটি ৰাখি বৃক্ষ ৰোপণ কাৰ্যসূচী হাতত লয়। শদিয়াৰ চাপাখোৱাৰ গুৰুং বস্তি প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত শদিয়াৰ ৰাজহুৱা স্মশানৰ আশে-পাশে ২৫ জোপা গছপুলি ৰোপণ কৰা হয়।

আনহাতে সুধাকণ্ঠৰ নামত উৎসৰ্গিত এছিয়াৰ দ্বিতীয় দীৰ্ঘতম ড০ ভূপেন হাজৰিকা সেঁতু নিৰ্মাতা হায়দ্ৰবাদৰ নৱয়োগ কোম্পানীৰ চৌহদত কোম্পানীটোৰ বিষয়া তথা কৰ্মচাৰী সকল উলহ মালহেৰে কেক কাটি সুধাকণ্ঠৰ জন্ম দিৱস উদযাপন কৰে।