NORTHEAST NOW (Assamese)
অসম

অসমীয়া জাপি পিন্ধি দিল্লীত এন আৰ চিক লৈ কি ঘোষণা দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ?

Posted by: ৰাজীব ৰয় September 8, 2018 9:39 pm
rajanth singh on assam nrc

এন আৰ চিৰ পৰা কোনো ভাৰতীয় বাদ নপৰে। শনিবাৰে নতুন দিল্লীত পুনৰ এই কথা দোহাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।

‘মই ক’ব খোজো যে এন আৰ চিৰ পৰা কোনো প্ৰকৃত ভাৰতীয় বাদ নপৰে,’ এন আৰ চিৰ উৎকণ্ঠাৰ মাজতে ঘোষণা সিঙৰ।

নতুন দিল্লীত নৰ্থ ইষ্ট ষ্ট্যুদেণ্টছ ফেষ্টিভেলত এই কথা দোহাৰিছে গৃহ মন্ত্ৰীজনে। ‘My Home India’ নামৰ বেচৰকাৰী সংস্থা এটাই এই উৎসৱটোৰ আয়োজন কৰিছে।

এন আৰ চি সম্পূৰ্ণৰূপে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত উন্নীত হৈ থকা কথাত জোৰ দি সিঙে কয়, ‘কোন ভাৰতীয় আৰু কোন বিদেশী জনাটো চূড়ান্তভাৱে প্ৰয়োজনীয় কথা।’

উত্তৰ-পূৰ্বাঞ্চলক দেশৰ হৃদয় বুলি মন্তব্য কৰি সিঙে কয় যে এই অঞ্চলৰ বিকাশ নোহোৱাকৈ ভাৰতৰ সৰ্বাংগীন বিকাশ সম্ভৱ নহয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়ে এক্ত ইষ্ট নীতি গ্ৰহণ কৰা হৈছে।

অসমৰ হিমা দাস, ত্ৰিপুৰাৰ দীপা কৰ্মকাৰ আদিৰ উদাহৰণেৰে গৃ্হ মন্ত্ৰী সিঙে কয় যে উত্তৰ-পূব বহু প্ৰতিভাৰে ভৰি আছে আৰু এইসমূহ মুকলি হোৱা দৰকাৰ।

উৎসৱটোৰ লগত সংগতি ৰাখি আয়োজন কৰা সাংগীতিক কাৰ্য্যসূচীত কেইবা হাজাৰো ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়।

অনুষ্ঠানটোত ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন, ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব, অসামৰিক বিমান সেৱাৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত সিনহা, উত্তৰ-পূব পৰিষদৰ সচিব ৰাম মুইভা, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুনীল দেওধৰ আৰু ভাৰতৰ ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভুতীয়াও উপস্থিত আছিল।