NORTHEAST NOW (Assamese)
অসম

ভাৰপ্ৰাপ্ত বিষয়াৰ ধন দাবীৰ প্ৰতিবাদত চামগুৰিৰ কাৱৈমাৰি আৰক্ষী চকী ঘেৰাও ৰাইজৰ

Posted by: বিদ্যুত জ্যোতি বৰা September 8, 2018 9:58 pm
Kawaimari police out post

আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি নগাঁও জিলাৰ চামগুৰি সমষ্টি অন্তৰ্ভুক্ত কাৱৈমাৰি আৰক্ষী চকীত আজি শতাধিক ক্ষুব্ধ লোকে আৰক্ষী চকীখন ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

প্ৰতিবাদকাৰী লোকসকলে আৰক্ষী চকীৰখনৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন চন্দ্ৰ দাসৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি কয় যে ৰাইজে অভিযোগ দিবলৈ আহিলে আৰক্ষী বিষয়া গৰাকীয়ে অভিযোগকাৰীৰ পৰা মোটা অংকৰ ধন দাবী কৰে।

ধন নিদিলে তেওঁলোকৰ এজাহাৰ মাহ মাহ ধৰি পৰি থাকে বুলিও তেওঁলোকে অভিযোগ কৰে। যাৰ ফলত আজি অতিষ্ঠ হৈ পৰা অঞ্চলটোৰ একাংশ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

আনহাতে, কাৱৈমাৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন চন্দ্ৰ দাসে ৰাইজৰ এই অভিযোগ পোনচাতেই নাকচ কৰে।