NORTHEAST NOW (Assamese)
অসম

চলিত বৰ্ষতে আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ কাম

Posted by: ভৱেশ মেধি September 10, 2018 10:07 pm
Guwahati Bridge

উত্তৰ গুৱাহাটী ৰাইজৰ বহুদিনীয়া দাবী তথা আশা গুৱাহাটী-উত্তৰ গুৱাহাটী  সংযোগী দলং নিৰ্মাণৰ কাম চলিত বৰ্ষৰ পৰা আৰম্ভ হ’ব। এই কথা জনাইছে গড়কপ্টানী বিভাগৰ মুখ্য অভিযন্তা তথা বিশ্ব বেংক প্ৰকল্পৰ প্ৰকল্প সঞ্চালক কুশল কুমাৰ শইকীয়াই। ইতিমধ্যে গড়কপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে।

গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে প্ৰকাশ কৰা মতে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিব লগীয়া দলংখনৰ বাবে ব্ৰিকছৰ নিউ ডেভেল’পমেন্ট বেংক চমুকৈ  এন ডি বিয়ে ২০০০ কোটি টকাৰ ঋণত অনুমোদন দিছে। দলংখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ স্মেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰিছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই ডি পি আৰত অনুমোদন জনাইছে। মুখ্য অভিযন্তা কুশল কুমাৰ শইকীয়াই জনায় যে ইতিমধ্যে দলং নিৰ্মাণৰ  বাবে প্ৰয়োজনীয় প্ৰজেক্ট মেনেজমেণ্ট কনছাল্টেন্সি চমুকৈ পি এম চি আৰু ই পি চিৰ বাবে নিবিদা আহ্বান কৰা হৈছে। নিবিদাৰ জৰিয়তে নিদিষ্ট ফাৰ্ম নিৰ্বাচিত কৰা আৰু প্ৰজেক্ট মেনেজমেন্ট কনছাল্টেন্সি নিৰ্বাচন কৰাৰ পিছত অহা ডিচেম্বৰৰ পৰা দলং নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। দলংখন নিৰ্মাণ সম্পূৰ্ণ হ’লে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ বাট মাত্ৰ ৭ মিনিটৰ হ’ব।

কেনেকৈ নিৰ্মাণ হ’ব দলংখন?

গুৱাহাটী-উত্তৰ গুৱাহাটীক সংযোগ কৰি নিৰ্মাণ কৰিব লগীয়া দলংখন ছটা লেনযুক্ত কৰি নিৰ্মাণ কৰা হ’ব। দলংখন নদীৰ ওপৰত ধেনুভিৰীয়াকৈ নিৰ্মাণ কৰা হ’ব। ডি পি আৰ মতে,  এ টি ৰ’ড আৰু এম জি ৰ’ডক সংযোগ কৰি দুটা দিশেৰে নদীৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ দলংখন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। উত্তৰ গুৱাহাটীৰ পৰা আহি দলংখনে এ টি ৰ’ডৰ ওচৰত থকা স্বাগত হাস্পতালৰ ওচৰৰ পইন্টত আৰু এম জি ৰ’ডৰ মাছখোৱাৰ আই টি এ কমপ্লেস্কৰ পইণ্টত স্পৰ্শ  কৰিব। স্বাগত হাস্পতালৰ ওচৰৰ পইণ্টৰ পৰা উত্তৰ গুৱাহাটীমুখী যান-বাহন যাব পাৰিব আৰু বিপৰীতে উত্তৰ গুৱাহাটীৰ পৰা অহা বাহনবোৰ আই টি এ কমপ্লেক্সৰ পইণ্টলৈ আহিব পাৰিব। দুয়োটা দলংপথ একেমুখী আৰু ছয়লেনযুক্ত হ’ব। দলংখন গুৱাহাটীৰ দিশৰ পৰা নদীৰ মাজলৈ ইংৰাজী ‘ৱাই’ ৰ দৰে নিৰ্মাণ কৰা হ’ব।

দলংখনৰ দক্ষিণ দিশত অৰ্থ্যাৎ স্বাগত হাস্পতালৰ ওচৰৰ পইণ্টত এটা আৰু এম জি ৰ’ডৰ মাছখোৱাৰ আই টি এ কমপ্লেক্সৰ সম্মুখত আন এটা ৰ’টাৰি নিৰ্মাণ কৰা হ’ব। দুয়োটা ৰ’টাৰিৰ মাজৰ অংশত নদীৰ পাৰে পাৰে বিকল্প পথ নিৰ্মাণ কৰা হ’ব।

উল্লেখ্য যে গুৱাহাটীৰ পৰা যোৱা দলংখন উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত দেৱালয়ৰ ৩৯০ মিটাৰ তলেৰে যাব। নদীৰ ওপৰত দলংখনৰ দৈৰ্ঘ্য ১.৬ কিল’মিটাৰ নিৰ্ধাৰণ কৰা হৈছে। উত্তৰ গুৱাহাটী দিশত মাটিৰ ওপৰত দলংখনৰ দৈৰ্ঘ্যৰ ৯০০ মিটাৰ নিৰ্ধাৰণ কৰা হৈছে। তাৰ পৰা উত্তৰ গুৱাহাটীৰ মাজেৰে গৌৰীপুৰ হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ছয়লেনযুক্ত ৰাস্তা নিৰ্মাণ কৰা হ’ব। উত্তৰ গুৱাহাটীৰ ৰে’ল আলিৰ ওপৰেৰে যাব লগা ৰাস্তাটোত দুটা ৰ’ড অভাৰ ব্ৰীজ চমুকৈ আৰ অ’ বি নিৰ্মাণ কৰা হ’ব। আনহাতে কলেজ নগৰ আৰু গৌৰীপুৰত দুটা ৰ’টাৰি নিৰ্মাণ কৰা হ’ব।

গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তাগৰাকীয়ে জনায় যে দলংখন নিৰ্মাণৰ বাবে উত্তৰ গুৱাহাটীৰ ২২৯ বিঘা আৰু গুৱাহাটীৰ ৩.৫ বিঘা মাটি অধিগ্ৰহণ কৰাৰ কাম সম্পূৰ্ণ হৈছে। উত্তৰ গুৱাহাটীৰ অধিগ্ৰহণ কৰা ২২৯ বিঘা মাটিৰ ২২১ বিঘা ম্যাদী পট্টাৰ। আনহাতে গুৱাহাটীৰ অধিগ্ৰহণ কৰা ৩.৫ বিঘা মাটিৰ আটাইবোৰ চৰকাৰী ভূমি।

ইতিমধ্যে ভূমি অধিগ্ৰহণৰ জাননী চৰকাৰীভাৱে যোৱা মাহতে জাৰি কৰা হৈছে। গড়কাপ্টানী বিভাগৰ মুখ্য অভিযন্তা কুশল কুমাৰ শইকীয়াই কয় যে গড়কপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলংখন নিৰ্মাণৰ বাবে সকলো ধৰণৰ সহায় আৰু পৰামৰ্শ আগ বঢ়াই আছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলংখন নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভূমি অধিগ্ৰহণ কৰা আৰু এন ডি বিৰ ঋণৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিছে বুলি তেওঁ জনায়। তেওঁ লগতে জনায় যে দলংখন নিৰ্মাণৰ বাবে চাৰি বছৰ নিৰ্ধাৰণ কৰা হৈছে। অৰ্থ্যাৎ ২০২২-২৩ চনৰ ভিতৰত উত্তৰ গুৱাহাটী ৰাইজৰ বহু আকাংক্ষিত দলংখন নিৰ্মাণ হৈ উঠিব।