NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় জলসম্পদ ঠিকাদাৰ সন্থাৰ অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘটৰ দ্বিতীয় দিনত প্ৰৱেশ

Posted by: অভিক চক্ৰবৰ্তী September 11, 2018 7:19 pm
IMG-20180911-WA0036

ডিব্ৰুগড় জলসম্পদ ঠিকাদাৰ সন্থাই কৰ্তৃপক্ষই  ঠিকা প্ৰদান কৰাৰ সময়ত আশ্ৰয় স্বজন-পোষণ আৰু দুৰ্নীতিৰ প্ৰতিবাদত ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘটে আজি দ্বিতীয় দিনত প্ৰৱেশ কৰিছে।

সোমবাৰে দিনৰ ১১-০০ বজাত জল সম্পদ বিভাগৰ ডিভিজনৰ চৌহদত ঠিকাদাৰসকলে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল।

ৰাজ্য চৰকাৰৰ প্ৰতি বিষেদ্গাৰ কৰি সংস্থাৰ নেতাগৰাকীয়ে কৈছে যে ই-টেণ্ডাৰিঙৰ জৰিয়তে বৃহৎ ঠিকাদাৰসকলক সহায় কৰাৰ লগতে ক্ষুদ্ৰ ঠিকাদাৰসকলক প্ৰাপ্্যৰ পৰা বঞ্চিত কৰা হৈছে।

সংস্থাৰ মতে ই-টেণ্ডাৰিং বিভাগীয় নিয়মমতে হোৱা নাই আৰু এইক্ষেত্ৰত বৃহৎ ঠিকাদাৰসকলে ৰাজনৈতিক পৃষ্ঠপোষকতা লৈ অহা ঠিকাদাৰসকলক ঠিকা প্ৰদান কৰা হৈছে।

ডিব্ৰুগড় জলসম্পদ ঠিকাদাৰ সন্থাৰ সভাপতি পৰাগ গগৈয়ে উল্লেখ কৰিছে যে নিবিদাৰ নিয়ম পালন নকৰাকৈয়ে দুটা বৃহৎ ঠিকা প্ৰদান কৰা হৈছে।

এনে এটা প্ৰকল্প হৈছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত  মুলুকগাঁৱত ব্ৰহ্মপুত্ৰৰ স্পীল চেনেলসমূহৰ পৰা ‘ভূমি পুনৰুদ্ধাৰ’ৰ আঁচনিৰ  ৪০ লাখ টকীয়া প্ৰকল্পৰ এটা ঠিকা নিয়ম বহিৰ্ভুতভাৱে এগৰাকী ঠিকাদাৰক প্ৰদান কৰা হৈছিল।

একেদৰে ৪৬.৯৮ লাখ টকীয়া ৪ কি:মি:ৰ বগীবিল আইথান ৰিঙৰ বান্ধ পুনৰুদ্ধাৰৰ আন এটা প্ৰকল্পৰ ঠিকাও টেণ্ডাৰ অবিহনেই ঠিকাদাৰক প্ৰদান কৰা হৈছিল।

গগৈয়ে অভিযোগ কৰিছে যে আনকি, সমষ্টিৰ বাবে অহা পুঁজিও ই-টেণ্ডাৰিং অবিহনে কেইজনমান নিৰ্বাচিত ঠিকাদাৰক প্ৰদান কৰা হৈছিল। ৰাজনৈতিক পৃষ্ঠপোষকতা থকা লোকলৈ ঠিকা প্ৰদান কৰা হৈ আহিছে।