NORTHEAST NOW (Assamese)
অসম

বদৌচা কাপ ফুটবল: গ্ৰুপ বি-ৰ খেলত ৮ গ’লত জয়ী কাৰ্বি আংলঙৰ মৰ্নিং ষ্টাৰ

Posted by: মানস প্ৰতিম গগৈ September 11, 2018 7:28 pm

১০ম আন্তঃৰাষ্ট্ৰীয় বদৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ মঙলবাৰে মাৰ্ঘেৰিটাৰ প’ল’ খেল পথাৰত অনুষ্ঠিত গ্ৰুপ বি’ৰ এখন খেলত কাৰ্বি আংলং মৰ্নিং ষ্টাৰ দলে অৰুণাচলৰ ডি এফ এ’ চাংলাং দলক ৯-১ গলত পৰাস্ত কৰে।

বৰ্ষাসিক্ত খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মৰ্নিং ষ্টাৰ দলৰ অধিনায়ক লালদিং চাং পুদাতেই৷

শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সভাপতি ইন্দুৰঞ্জন বৰুৱাই। খেলখন শুভাৰম্ভ কৰে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ক’ল ইণ্ডিয়াৰ প্ৰবন্ধক যুগল বৰাই৷

ক’ল ইণ্ডিয়াৰ প্ৰবন্ধক যুগল বৰাই জানিবলৈ দিয়ে যে ক’ল ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত হোৱা এক চুক্তি অনুসৰি মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এখন খেলপথাৰ নিৰ্মাণৰ এক প্ৰকল্প হাতত লৈছে।

আনহাতে এক কোটি ষাঠি লাখ টকাৰ পুঁজিৰে অনুষ্ঠিত টুৰ্নামেণ্টখনত শ্ৰেষ্ঠ খেলুৱৈক অতি নিম্ন মানৰ পদক আৰু মাত্ৰ ৫শ টকা দিয়াক লৈও বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।