চালক বিৰোধী আইনৰ তীব্ৰ বিৰোধিতা ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ

এখনৰ পাছত আন এখন ক’লা আইন জনতাৰ ওপৰত জাপি দিয়াত সিদ্ধহস্ত বিজেপি চৰকাৰ। এইবাৰ দেশৰ চালক সকলৰ ওপৰত জাপি দিয়া “ হিট এণ্ড ৰাণ” আইনখন প্রকৃততেই দেশৰ জনগণ আৰু চালকসকলৰ মূৰত আন এটা মাধমাৰ। চালক বিৰোধী এই আইনৰ তীব্ৰ বিৰোধিতা ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত জাতীয় যুৱ বাহিনীৰ কাৰ্যকৰী সভাপতি সৌৰভ বৰাই কয় যে, “সংঘটিত হোৱা কোনো দুৰ্ঘটনাই নিশ্চিতভাৱে ইচ্ছাকৃতভাৱে কৰা নাযায় কিন্তু এনে দুৰ্ঘটনাৰ গইনা লৈ জৰিমনাৰ নামত ধন সংগ্ৰহৰ যি নীতি গ্রহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে তাক আমি জাতীয় যুৱ বাহিনীয়ে তীব্ৰ গৰিহণা জনাইছো আৰু এই সিদ্ধান্তৰ পৰা বিৰত থাকিবলৈ দাবী উত্থাপন কৰিছো ”।
দেশৰ চালক সকলে আহ্বান জনোৱা ৪৮ ঘণ্টীয়া বন্ধলৈ জাতীয় যুৱ বাহিনীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। তাৰোপৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত চালক সকলৰ প্ৰতিবাদী কাৰ্যসূচীত সহযোগ আগবঢ়াই জাতীয় যুৱ বাহিনীয়ে ।
লখিমপুৰ জিলা চালক সন্থাৰ প্রতিবাদী কাৰ্যসূচীত উপস্থিত থাকি জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক নিৰ্মল পায়েঙে কয় যে, “ চালক সকলৰ বিৰুদ্ধে আনিব খোজা এই বিতৰ্কিত আইন প্ৰত্যাহাৰ অথবা সংশোধন নকৰিলে অনাগত দিনটো চালক সকলৰ এই প্রতিবাদৰ প্রতি সদায় সমৰ্থন আৰু সহায় আগবঢ়াব”।