NORTHEAST NOW (Assamese)
অসম

বিধেয়ক গৃহীত হ’লেই চৰকাৰী সন্মান ঘূৰাই দিবলৈ সাজু চহিদ পৰিয়াল

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 8, 2019 2:20 pm
Khargeswar Talukdar

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ক লৈ অসমৰ বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পিছতো বিধেয়কখন গৃহীত কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছে জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে।

অসমৰ আৱেগক জলাঞ্জলি দিয়া এই বিধেয়কখন সংসদত গৃহীত হোৱাৰ লগে লগে অসম আন্দোলনৰ চহিদ পৰিয়ালে ওভতাই দিব চৰকাৰে প্ৰদান কৰা সন্মান। নৰ্থ-ইষ্ট নাওক এই কথা জনালে জাতীয় চহিদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে।

অসম আন্দোলনৰ চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰে জানিবলৈ দি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ লগে লগে চৰকাৰে প্ৰদান কৰা মানপত্ৰ আমি ওভতাই দিম।

‘এই বিধেয়কখনৰ দ্বাৰা অসম আন্দোলনৰ চহিদসকলক পুনৰ হত্যা কৰা হ’ব আৰু অসম চুক্তিখনক দাহ কৰা হ’ব’। এইদৰে কয় চন্দ্ৰকান্ত তালুকদাৰে।

উল্লেখ্য যে ৭ জানুৱাৰিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছতে জেপিচিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিবেদনখন নিম্ন সদনত দাখিল কৰাৰ পাছতে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।