NORTHEAST NOW (Assamese)
দেশ

মুছলমানৰ উত্তৰাধিকাৰ শ্বৰীয়তৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষ আইনৰ অধীনত নিৰ্ধাৰণ হ’ব নেকি? বিচাৰ কৰিব উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 17, 2025 7:16 pm

বৰ্তমান ভাৰতীয় মুছলমানৰ উত্তৰাধিকাৰ, মুছলমান ব্যক্তিগত আইন অৰ্থাৎ শ্বৰীয়ত আইন অনুসৰি নিৰ্ধাৰণ কৰা হয়। ৱাকফ আইনৰ পিছত মুছলমানৰ উত্তৰাধিকাৰ আইনও শ্বৰীয়তৰ প্ৰভাৱৰ পৰা মুক্ত হ’বনে? উচ্চতম ন্যায়ালয়ে নিজেই এই সম্ভাৱনা বিবেচনা কৰিছে। এনে আইনক লৈ কেন্দ্ৰ চৰকাৰেও কোনো আপত্তি কৰা নাই ।

শ্বৰীয়ত আইন অনুসৰি মুছলমানৰ সম্পত্তি বিতৰণৰ নিয়ম ভাৰতৰ ধৰ্মনিৰপেক্ষ আইনৰ তুলনাত বহু পৃথক। উদাহৰণস্বৰূপে, শ্বৰীয়ত মতে এগৰাকী কন্যাই পুত্ৰৰ তুলনাত আধা অংশ সম্পত্তি উত্তৰাধিকাৰ হিচাপে পায়। আকৌ, যদি কাৰোবাৰ মাত্ৰ এজনী কন্যা থাকে, তেন্তে তেওঁ পিতৃৰ সম্পূৰ্ণ সম্পত্তি পোৱাৰ অধিকাৰী নহয়। এই নিয়মক “বৈষম্যমূলক” বুলি গণ্য কৰি মুছলমান সমাজৰ কিছু অংশই ধৰ্মনিৰপেক্ষ আইনৰ অধীনত উত্তৰাধিকাৰ নিৰ্ধাৰণৰ দাবী জনাইছে।

শেহতীয়াকৈ কেৰেলাৰ নৌছাদ কে.কে. নামৰ এজন ব্যক্তিয়ে তেওঁৰ উত্তৰাধিকাৰ ধৰ্মনিৰপেক্ষ আইনৰ দ্বাৰা নিৰ্ধাৰণৰ দাবী জনায় উচ্চতম ন্যায়ালয়ত আবেদন কৰে। তেওঁ কয় যে ইছলামিক বিশ্বাসক আঘাত নিদিয়াকৈ এই পৰিৱৰ্তন সম্ভৱ।

ইয়াৰ পূৰ্বেও ২০২৪ চনৰ এপ্ৰিলত কেৰেলাৰ ছাফিয়া নামৰ এগৰাকী মহিলাই একেধৰণৰ আবেদন কৰিছিল। তেওঁ দাবী কৰিছিল যে তেওঁ ইছলামৰ ৰীতি-নীতি পালন নকৰে আৰু সেয়েহে তেওঁৰ উত্তৰাধিকাৰী ভাৰতৰ ধৰ্মনিৰপেক্ষ আইনৰ অধীনত নিৰ্ধাৰণ হ’ব লাগে।

এই আবেদনসমূহৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে এই বিষয়ত কেন্দ্ৰ আৰু কেৰালা চৰকাৰৰ মতামত বিচাৰিছে। কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে এই বিষয়টো অতি আকৰ্ষণীয়” আৰু ন্যায়পালিকাই ইয়াৰ ওপৰত বিশদভাৱে বিবেচনা কৰা উচিত। মুছলমানৰ ধৰ্মীয় আৱেগক সন্মান জনাই শ্বৰীয়তৰ বাহিৰত ধৰ্মনিৰপেক্ষ আইনৰ অধীনত উত্তৰাধিকাৰ নিৰ্ধাৰণ সম্ভৱ নেকি, সেই প্ৰশ্নৰ উত্তৰ বিচাৰি ন্যায়পালিকাই এই বিষয়টো চাব লাগে বুলি উল্লেখ কৰে।