NORTHEAST NOW (Assamese)
অসম

অসমৰ কৃষকলৈ নতুন সুবিধা: ফ’ন কৰি ঘৰতে পাওক ট্ৰেক্টৰ, মৰণা মৰা যন্ত্ৰ

Posted by: এন ই নাও নিউজ September 12, 2018 10:48 pm
assam farmers to get online facilities soon

খেতি পথাৰত শুঁৰ পোক আৰু ধানত পতানেৰে কৃষি বিভাগে দিয়া মাধমাৰৰ পিছত অসমৰ কৃষকলৈ এইবাৰ অৱশ্যে এক নতুন সুবিধাৰ কথা ঘোষণা কৰিছে কৃষি বিভাগে।

অসমৰ কৃষকক ‘অনলাইন’ ব্যৱস্থাৰে উপকৃত কৰাৰ বাবে কৃষি বিভাগে এক প্ৰচেষ্টা চলোৱাৰ কথা বুধবাৰে জানিবলৈ দিয়ে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই।

প্ৰতিজন কৃষককে কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা দিয়াৰ বাবে কৃষি বিভাগে এক ৱে’বছাইট মুকলি কৰিব আৰু লগতে ফ’নযোগে ট্ৰেক্টৰ, মৰণা মৰা যন্ত্ৰ আদি ভাৰালৈ লোৱাৰ সুবিধা খেতিয়কলৈ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে মন্ত্ৰী বৰাই।

‘কৃষকে মাটি চহাবলৈ ট্ৰেক্টৰৰ লগতে পাৱাৰ টিলাৰ, মৰণা মৰা যন্ত্ৰ, কালটিভেটৰ আদি কৃষিকাৰ্যত ব্যৱহৃত বিভিন্ন যন্ত্ৰ্ৰ-পাতি ভাড়াত ল’ব পাৰিব। যিকোনো কৃষকে স্মাৰ্ট ফ’ন বা সাধাৰণ ম’বাইল ফ’নেৰে তেওঁলোকক প্ৰয়োজন হোৱা কৃষি যন্ত্ৰ ভাড়াত বিচাৰিব পাৰিব,’ বুধবাৰে গুৱাহাটীৰ কৃষি বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত সংবাদমেলযোগে সদৰী কৰিলে মন্ত্ৰী বৰাই।

তাৰোপৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজসাহায্যৰ জৰিয়তে বা নিজাববীয়াকৈ ক্ৰয় কৰা ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু অন্য কৃষি যন্ত্ৰ-পাতিৰ গৰাকীয়ে নিৰ্দিষ্ট ৱে’ব প’ৰ্টেলত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব লাগিব।

কৃষকসকলে নিজৰ প্ৰয়োজন অনুসৰি এই ৱে’ব প’ৰ্টেলটোৰ জৰিয়তে কৃষি যন্ত্ৰ ভাড়াত বিচাৰিব পাৰিব, মন্ত্ৰীৰ ঘোষণা।

কৰ্পৰে’ট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ভাৰতবৰ্ষৰ এটি অগ্ৰণী ট্ৰেক্টৰ আৰু আনুসংগিক সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানে এই সেৱা আগবঢ়াব বুলি মন্ত্ৰী বৰাই জানিবলৈ দিয়ে।

তাৰোপৰি পথাৰত পানী যোগানৰ বাবেও চৰকাৰে বিশেষ ব্যৱস্থা লোৱা বুলি সংবাদমেলত সদৰী কৰে মন্ত্ৰীজনে।

‘কৃষি বিভাগৰদ্বাৰা নাবাৰ্ডৰ অৰ্থ সাহায্যত ‘গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প’ৰ অধীনত অগভীৰ নলীনাদৰ সৈতে ৬০ হাজাৰটা ডিজেল চালিত, ৩০ হাজাৰটা বিদ্যুৎচালিত আৰু ১১,০০০টা সৌৰশক্তিচালিত যন্ত্ৰ কৃষকলৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। আঁচনিখনৰ অধীনত কৃষকৰ পথাৰত বিদ্যুৎ যোগানৰ বাবে ২৫KVA  আৰু ৬৩KVAৰ  বৈদ্যুতিক উপকেন্দ্ৰ স্থাপনৰ ব্যৱস্থা ৰখা হৈছে,’ জনালে মন্ত্ৰী বৰাই।

মন্ত্ৰীজনে লগতে উল্লেখ কৰে যে এই সুবিধাসমূহ ৰাজ সাহায্যযুক্ত হ’ব আৰু ইয়াৰ বাবে কৃষকে অনলাইনযোগে আবেদন কৰিব পাৰিব। তাৰ বাবে অতি সোনকালেই এটা ৱে’বচাইট মুকলি কৰিব বুলিও মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে।

কৃষকক আবেদন পত্ৰ পূৰোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ প্ৰতিখন জিলাতে বেচৰকাৰী সংস্থাক নিয়োগ কৰা হৈছে বুলিও মন্ত্ৰী বৰাই জানিবলৈ দিয়ে।

একেখন সংবাদমেলতে মন্ত্ৰী বৰাই জনাই যে ৰাজ্যৰ ২০৮টা কৃষি উন্নয়ন চক্ৰত একোটাকৈ ১০০ মেট্ৰিক টন ক্ষমতাসম্পন্ন গুডাম ঘৰ সাজিবলৈও আঁচনি লোৱা হৈছে।

তেওঁ লগতে জনাই যে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত মাজুলীত ৬৫ লাখ টকা ব্যয়সাপেক্ষ এহেজাৰ মেট্ৰিক টন ক্ষমতাৰ এটা গুডাম ঘৰ সজা হ’ব।

কৃষি মন্ত্ৰীৰ ঘোষণা অনুসৰি কৃষক কিমান উপকৃত হয় আৰু ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ কি পৰিৱৰ্তন আহে সেয়া লক্ষণীয় হ’ব।