NORTHEAST NOW (Assamese)
অসম

হোজাইত সদৌ অসম কবি সন্মিলনৰ মধ্যকালীন অধিৱেশনৰ আয়োজন

Posted by: নিখিল মুন্দ্ৰা September 13, 2018 11:23 am
IMG

হোজাইৰ নীলবাগানত অহা ২৯ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে এখন আছুতীয়া ৪ দিনীয়া সদৌ অসম কবি সন্মিলনৰ মধ্যকালীন অধিৱেশন অনুষ্ঠিত হ’ব বুলি আয়োজকসকলে জনাইছে।

সন্মিলনৰ সাধাৰণ সম্পাদক উজ্জল পাওগামৰ দ্বাৰা প্ৰেৰণ কৰা এখন সংবাদ বিজ্ঞপ্তিত কোৱা হৈছে যে এই অনুষ্ঠাত প্ৰায় ৫০খন কবিতাৰ কিতাপ উন্মোচন কৰা হ’ব।

তেওঁ কৈছে যে এই সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ সাহিত্যিক, কবি, বুদ্ধিজীৱিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত বহু কেইগৰাকী লব্ধপ্ৰতিষ্ঠ কবিক উপাধি প্ৰদান কৰা হ’ব বুলিও সাধাৰণ সম্পাদকগৰাকীয়ে জনাইছে।আয়োজকসকলৰ মতে এই সন্মিলনীয়ে ঐক্য আৰু একতাৰ বন্ধন সুদৃঢ় কৰিব।

এই বিশেষ অনুষ্ঠান উপলক্ষে এখন গ্ৰন্থমেলাৰো আয়োজন কৰা হৈছে।সদৌ অসম কবি সন্মিলনৰ সদস্যসকলে সন্মিলনখনৰ সফলতাৰ বাবে সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ অকুণ্ঠ সহযোগিতা বিচাৰিছে।