NORTHEAST NOW (Assamese)
অসম

বন্ধ ১০৮, নাই পকী পথ; মাজুলীত বতাহ-বৰষুণৰ মাজত ৰাস্তাতে সন্তান প্ৰসৱ মহিলাৰ!

Posted by: মিটু খাটনিয়াৰ September 13, 2018 5:00 pm
majuli woman giving birth on road

অসমজুৰি জৰুৰীকালীন ১০৮, ১০২ সেৱা বন্ধ হৈ থকা আৰু সেই লৈ চৰকাৰ উদাসীনতা অব্যাহত থকাৰ মাজতে পকী পথহীন মাজুলীৰ লখিমপুৰ সীমান্তৱৰ্তী পাথৰিঘাটত পথৰ ওপৰতেই বতাহ-বৰষুণৰ মাজতে বৃহস্পতিবাৰে সন্তান প্ৰসৱ কৰিব লগীয়া হৈছে এগৰাকী মহিলাই।

যোগাযোগ বিধ্বস্ত গাওঁখনৰ অইমনি নৰহ নামৰ গৰ্ভৱতী মহিলাগৰাকীক বুধবাৰে মাজুলীৰ গড়মূৰস্থিত চিকিৎসালয়লৈ অনা হৈছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে চিকিৎসকে তেওঁক প্ৰসৱৰ বাবে ৪দিনৰ পিছত চিকিৎসালয়লৈ আহিবলৈ কয়।

কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ পথতে পাথৰিচুক ঘাটৰ পাৰতে প্ৰসৱ যন্ত্ৰণাত চটফটাই পথৰ ওপৰতে বহি পৰে মহিলাগৰাকী।

বতাহ-বৰষুণৰ মাজত উপায়হীন হৈ মহিলাগৰাকীৰ লগত যোৱা পুৰুষকেইজনে ওচৰতে থকা এখন চালিৰ পৰা দুচলা টিনপাট আনি আঁৰ দি ধৰাৰ পিছত কেইগৰাকীমান মহিলাৰ সহায়ত চটফটাই থকা মহিলাগৰাকীয়ে এটি ল’ৰা সন্তান প্ৰসৱ কৰে।

পিছত চাইকেলতে মহিলাগৰাকীক সন্তানটিসহ চিকিৎসালয়লৈ অনা হয়।

অঞ্চলটোৰ লগতে ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰা হৃদয়বিদাৰক ঘটনাটো বিজেপি চৰকাৰৰ উন্নয়নৰ শ্ল’গানলৈ চৰম ভ্ৰুকুটিৰূপে পৰিগণিত হৈছে।

মহিলাগৰাকীৰ গাওঁখন মুখ্য মন্ত্ৰী সোণোৱালৰ সমষ্টি বৃহত্তৰ মাজুলীৰে অংশ যদিও ই লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত।

অগপ বিধায়ক উৎপল দত্তৰ এই লখিমপুৰ সদৰ সমষ্টিৰে আন এগৰাকী গৰ্ভৱতী মহিলাক কিছুদিন পূৰ্বে ঠেলাৰে চিকিৎসালয়লৈ অনাৰ ঘটনায়ো ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি কৰিছিল।