NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূব সীমান্ত ৰে’লৱে বিলুপ্ত কৰিলে প্ৰহৰী বিহীন লেভেল ক্ৰছিং

Posted by: এন ই নাও নিউজ September 14, 2018 10:50 am
rail-gate

উত্তৰ-পূব সীমান্ত ৰে’লৱেই সুৰক্ষাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি যোৱা ১২ ছেপ্টেম্বৰৰ পৰা সকলোবোৰ প্ৰহৰী বিহীন লেভেল ক্ৰছিঙৰ বিলুপ্তি ঘটায়। চলিত বছৰৰ ১ এপ্ৰিলত সৰ্বমুঠ ১৫১খন প্ৰহৰী বিহীন লেভেল ক্ৰছিঙৰ বিলুপ্তিৰ পৰিকল্পনা কৰা হৈছিল। সেই পৰিকল্পনা অনুসৰি এতিয়া ১৫১খন প্ৰহৰী বিহীন লেভেল ক্ৰছিঙৰ বিলুপ্তি ঘটোৱা হৈছে।

উক্ত ১৫১খনৰ ভিতৰত ১৩৬খন প্ৰহৰী বিহীন লেভেল ক্ৰছিং গে’টত প্ৰহৰী নিযুক্তি দিয়া হৈছে আৰু ১০খন প্ৰহৰী বিহীন লেভেল ক্ৰছিং গে’ট ৰ’ড অ’ভাৰব্ৰীজৰ দ্বাৰা বিলুপ্তি ঘটোৱা হয়। আনহাতে,  বাকী ৫ খন প্ৰহৰী বিহীন লেভেল ক্ৰছিং গে’ট প্ৰত্যক্ষভাৱে বন্ধ কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ুষ গোৱেলে আগন্তুক বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ৰে’ল বিভাগৰ অধীনৰ সকলো মণ্ডলৰ প্ৰহৰীবিহীন লেভেল ক্ৰছিং গে’ট বিলুপ্ত কৰাৰ নিৰ্দেশ দিছিল। এইক্ষেত্ৰত উত্তৰ-পূব সীমান্ত ৰে’লৱেই নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে বুধবাৰে এই বিশেষ লক্ষ্যত উপনীত হয়।

প্ৰহৰীবিহীন লেভেল ক্ৰছিংসমূহ ভাৰতীয় ৰে’লৱেৰ সুৰক্ষাৰ দিশত আটাইতকৈ দুৰ্বল ৭এত্ৰ হিচাপে পৰিগণিত হৈ আহিছে। কিয়নো এই ক্ৰছিংসমূহত পথচাৰীৰ অসতৰ্কতাৰ বাবে বৃহৎসংখ্যক দুৰ্ঘটনা সংঘটিত হয়।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰহৰীবিহীন লেভেল ক্ৰছিং গে’টসমূহ বিলুপ্ত কৰাৰ  লক্ষ্য নিৰ্ধাৰণ কৰি এক অভিযানৰ জৰিয়তে ক্ষিপ্ৰতাৰে ইয়াক সম্পূৰ্ণ কৰি তুলিলে।