NORTHEAST NOW (Assamese)
অৰুণাচল

ধৰ্ষণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত নামছাইত দল-সংগঠনৰ জোঁৰ সমদল

Posted by: এন ই নাও নিউজ December 27, 2017 12:38 pm

অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ চংখাম অঞ্চলত এগৰাকী ১৩ বছৰীয়া কিশোৰীক কোনো অচিনাক্তই ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাত অঞ্চলবাসীৰ মাজত এতিয়া তীব্ৰ ক্ষোভ আৰু উত্তেজনাই বিৰাজ কৰিছে। চংখাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমক জনোৱা অনুসৰি কিশোৰীগৰাকী জেষ্ঠ্য ভাতৃৰ লগত ওচৰৰে এখন খেলপথাৰলৈ খেলিবলৈ ওলাই গৈছিল। কিশোৰীগৰাকী খেলি থকা অৱস্থাত ভাতৃয়ে তেওঁক এৰি চংখামলৈ বজাৰ কৰিব যায়। কিশোৰাগৰাকী বহু সময় ধৰি ঘৰলৈ নহা বাবে পৰিয়ালৰ লোকে গাওঁবাসীৰ কিছুলোকৰ সৈতে সন্ধান চলায়। ইয়াৰ পিছতে খেলপথাৰখনত কিশোৰীগৰাকী মৃত অৱস্থাত উদ্ধাৰ হয়। কিশোৰীগৰাকীৰ শৰীৰত স্পস্থ আঘাতৰ চিন দেখি পৰিয়াল তথা গাওঁৰ লোকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উথ্থাপণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সন্দেহৰ ভিত্তিত কেইজনমান লোকক আটক কৰিছে আৰু জেৰা অব্যাহত ৰখা বুলি জানিবলৈ দিছে।

সম্প্ৰতি অৰুণাচলৰ বহু দল-সংগঠনে এই অমানৱীয় কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। সদৌ টাই খামটি চিংফো ছাত্ৰ সংগঠন, সদৌ নামছাই জিলা ছাত্ৰ সংগঠন, নামছাই মহিলা কল্যাণ সমাজ, চংখাম মহিলা কল্যাণ সমাজ আৰু নামছাই এৰিয়া য়ুথ এছোছিয়েশ্যনৰ লগতে অন্য সংগঠনে জঘন্য কাণ্ডৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ বাবে জোঁৰ সমদল উলিয়াই। এই সন্দৰ্ভত উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

উক্ত সংগঠনকেইটাই অপৰাধীক পোন্ধৰ দিনৰ ভিতৰত বিচাৰি উলিয়াবলৈ আৰক্ষী প্ৰশাসনক সময়সীমা বান্ধি দিয়ে। এই সময়সীমাৰ ভিতৰত একো ব্যৱস্থা গ্ৰহণ নকৰিলে জিলাখনত ব্যাপক প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ দিয়ে।

মন কৰিবলগীয়া যে এই নাৰকীয় ঘটনা সন্দৰ্ভত উপ মুখ্য মন্ত্ৰী চাওনা মিনে দুখ প্ৰকাশ কৰাৰ লগতে নামছাই জিলা প্ৰশাসনক অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।