NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় শ্বুটিঙত স্বৰ্ণ জয়ী হৃদয়ক লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বাসগৃহত উষ্ম আদৰণি

Posted by: এন ই নাও নিউজ September 14, 2018 9:08 pm

দক্ষিণ কোৰিয়াত অনুষ্ঠিত ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰি অসমৰ লগতে গোটেই দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা হৃদয় হাজৰিকা আজি লখিমপুৰৰ নাৰায়ণপুৰস্থিত বাসগৃহত উপস্থিত হয়।

স্বৰ্ণজয়ী শ্বুটাৰ হৃদয় হাজৰিকা গৃহভূমিত উপস্থিত হোৱাৰ পিছতে হাৱাজানৰ পৰা সহস্ৰাধিক আছু কৰ্মী আৰু ৰাইজে আদৰণি নিয়ে। তাৰোপৰি লখিমপুৰ জিলা ছাত্ৰ সন্থা, নাৰায়ণপুৰ ক্ৰীড়া সন্থাৰ লগতে বিভিন্নজনে হৃদয়ক উষ্ম আদৰণি জনায়।

আনহাতে নাৰায়ণপুৰৰ বাণীসংঘত স্বৰ্ণজয়ী শ্বুটাৰ হৃদয় হাজৰিকাক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বুটাৰ হৃদয়ক এখন শৰাই, গামোচা, জাপি, অভিনন্দনপত্ৰ আৰু ক্ৰীড়ানীতি অনুসৰি ২৫ লাখ টকাৰ চেক প্ৰদান কৰিছিল।