NORTHEAST NOW (Assamese)
অসম

অপ্ৰতিৰোধ্য মেৰি, পুনৰ বিশ্বজয় ৩৫ বছৰীয়া মণিপুৰী মাতৃৰ!

Posted by: এন ই নাও নিউজ September 16, 2018 5:37 pm
mc mary kom manipur boxer

আঘাতৰ পিছতে প্ৰত্যাৱৰ্তন কৰিয়েই পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা চিলেচিয়ান মুকলি বক্সিঙত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে জীৱন কালতে প্ৰবাদত পৰিণত হোৱা মণিপুৰী বক্সাৰ মেৰি কমে

প’লেণ্ডৰ গ্লিৱাইচত চলি থকা প্ৰতিযোগিতাখনৰ ৪৮কে’জি শাখাত শনিবাৰে ৫ বাৰৰ বিশ্ব চেম্পিয়ন ৩৫ বছৰীয়া মণিপুৰী মাতৃগৰাকীয়ে প্ৰতিদ্বন্দ্বী কাজাখাস্তানৰ আইগেৰিম কাছানায়েভাক ৫-০ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে।

স্বৰ্ণ জয়ৰ যাত্ৰাত অসামান্য গতিময়তাৰে কাজাখাস্তানৰ বক্সাৰগৰাকীক কোনো সুযোগেই নিদিলে অলিম্পিকৰ ব্ৰঞ্জ-বিজয়ী কমে।

আঘাতৰ বাবে শেহতীয়া জাকাৰ্টা এছিয়াদত ভাগ লোৱাৰ পৰা বিৰত থকা মেৰিৰ এই বৰ্ষত এইটো হৈছে ৩য়টো স্বৰ্ণ। দিল্লীত অনুষ্ঠিত ইন্দিয়া অ’পন টুৰ্নামেণ্ট আৰু অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ প্ৰতিযোগিতাত মেৰিয়ে পাইছিল আন দুটা স্বৰ্ণ।

প্ৰতিযোগিতাখনত ভাৰতৰ হৈ ভাগ লোৱা আন এগৰাকী মণিপুৰী বক্সাৰ এল চৰিতা দেৱী কাজাখাস্তানৰে বক্সাৰ কৰিনা ইব্ৰাগিম’ভাৰ বিৰুদ্ধে পৰাজিত হৈ ব্ৰঞ্জৰ পদক আৰ্জন কৰে।

বক্সিং প্ৰতিযোগিতাখনত ৬৯কে’জি শাখাত ভাগ লোৱা অসমৰ লাভলিনা বৰগোহাঁয়ে ছেমি ফাইনেলত পৰাজিত হৈ ব্ৰঞ্জৰ পদক আৰ্জন কৰিছে।