NORTHEAST NOW (Assamese)
অসম

আদালতৰ সন্মুখত ৰকিবুল হুছেইনৰ সমৰ্থকৰ উদ্ভণ্ডালি : অনিল ৰাজাৰ গালৈ চিয়াহী নিক্ষেপ

Posted by: অনিৰ্বাণ পাঠক September 15, 2018 3:09 pm
17-02-18-Guwahati-Anil-Raja-addressing-media-4-768x456

শনিবাৰে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদলতৰ সন্মুখত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ একাংশ সমৰ্থকে উদ্ভণ্ডালি চলায়। ৰকিবুলৰ সমৰ্থক কেইজনে আদলতৰ পৰা ওলাই অহা অৱস্থাত অনিল ৰাজাৰ গালৈ চিয়াহী নিক্ষেপ কৰে। তেওঁলোকে লগতে আদালতৰ সন্মুখতেই “অনিল ৰাজা মুৰ্দাবাদ”, অনিল ৰাজা ৪২০” আদি শ্ল’গান দিয়ে।

উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগ অনাৰ পাছত ৰাজাৰ বিৰুদ্ধে হুছেইনে আদালতত মানহানি গোচৰ তৰিছিল ৰকিবুল হুছেইনে।

এই গোচৰ অনুসৰি অনিল ৰাজা আৰু ৰকিবুল হুছেইন দুয়োগৰাকীয়ে আজি আদালতত হাজিৰ হয়।

ইপিনে, আদালতৰ পৰা পুনৰ কিছুদিনৰ সময় বিচাৰে অনিল ৰাজাই। ৰাজাৰ আবেদনৰ ভিত্তিত আদালতে পুনৰ  ১ অক্টোবৰলৈ তেওঁক সময় দিয়ে।

আনহাতে, আদালতৰ পৰা ওলাই আহি ৰকিবুল হুছেইনে কয়, “বিমোৰত পৰিছে অনিল ৰাজা, গতিকে তেওঁ বিভিন্ন অজুহাতত পলাই আছে। মই হে সময় বিচাৰিব লাগিছিল।”

ইপিনে, হুছেইনক ভিজিলেন্সে মতা বুলি প্ৰকাশিত বাতৰি তেওঁ অস্বীকাৰ কৰে। “মোক ভিজিলেন্সে মাতিছে মই যোৱা নাই মই সময় বিচাৰিছো, বুলি এখন পেপাৰ আৰু এটা টিভি চেনেলে দিছে কিন্তু মোক যেতিয়াই ভিজিলেন্সে মাতিব মই যাম। মোক ভিজিলেন্সে মাতা বুলি ভুল বাখ্যা কৰিছে। ভিজিলেন্সৰ কথাবোৰ অনিল ৰাজাই কেনেকৈ গম পায়,” ৰকিবুল হুছেইনে কয়।

তেওঁ লগতে কয় যে এজন আৰ টি আই কৰ্মীয়ে তেওঁৰ বিৰুদ্ধে  ব্লেকমেইলিঙত নামিছে। জেইল খোৱা মানুহৰ চিঠিৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে তদন্ত চলাই থকা হৈছে বুলি ৰকিবুল হুছেইনে মন্তব্য কৰে।

আনহাতে, ৰাজাৰ গালৈ তেওঁৰ সমৰ্থকে চিয়াহী মৰা কথাতো অস্বীকাৰ কৰি ৰকিবুল হুছেইনে কয়,”অনিল ৰাজাই চিয়াহী মৰাইছে। চিয়াহী মাৰিবলৈ তেওঁ মানুহ লৈ আহিছিল।‘’