NORTHEAST NOW (Assamese)
অসম

বাজপেয়ীৰ মৃত্যুৰ এমাহ: শিৱসাগৰৰ শংকৰদেৱ শিশু নিকেতনত ‘কাব্যাঞ্জলি’ বিজেপিৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ September 16, 2018 11:13 pm

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু এমাহ পূৰ হোৱা উপলক্ষে শিৱসাগৰত দেওবাৰে বাজপেয়ী-ৰচিত কবিতা আবৃত্তিৰ এক অনুষ্ঠান আয়োজন কৰা হয়।

শিৱসাগৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত অনুষ্ঠানটোত বিজেপিৰ জিলা সভাপতি ভবেন্দ্ৰ নাথ মহনৰ লগতে প্ৰণিতা ভূঞা, শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বিনোদ মিশ্ৰ, বন্দনা কৌশিক বৰদলৈ, বীণা চেতিয়া ফুকন, কিৰণ বৰুৱা, ৰঞ্জন মহন্ত আদিকে ধৰি ২৩ গৰাকী ব্যক্তিয়ে কবিতা আবৃত্তি কৰে।

শিৱসাগৰ নগৰ মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক মানৱজ্যোতি আদিত্যই অনুষ্ঠানটোৰ আঁত ধৰে।