NORTHEAST NOW (Assamese)
অসম

জেহাদী কাৰ্যকলাপত জড়িত আৰু ৩ জনক গ্ৰেপ্তাৰ : লংকা থানাত উপস্থিত উত্তৰ প্ৰদেশৰ এ টি এছৰ দল

Posted by: এন ই নাও নিউজ September 17, 2018 2:39 pm
6486132683_a622b1eebb_b

অসমত হিজবুল মুজাহিদীনৰ নেটৱৰ্ক বিস্তাৰৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা সংগঠনটোৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত হৈ থকা কেইবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘদিনৰে পৰা ৰাজ্যখনত সংগঠনটোৱে খোপনি পোতাৰ প্ৰচেষ্টা সম্পৰ্কে আৰক্ষী অৱগত হোৱাৰ পিছত শেহতীয়াকৈ ইয়াৰ বিৰুদ্ধে অবিযান তীব্ৰতৰ কৰি তুলিছে।

উত্তৰ প্ৰদেশৰ কানপুৰত হিজবুল মুজাহিদনৰ সদস্য হোজাইৰ কমৰুজ্জামানক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে অসম আৰক্ষী তৎপৰ হৈ পৰে। শনিবাৰে হিজবুল মুজাহিদীনৰে জড়িতৰ অভিযোগত বৰ্ণিহাটৰ পৰা দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ওমৰ ফাৰুককে ধৰি আন তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আনহাতে, দেওবাৰে পুনৰ নগাঁৱৰ হোজাইত জেহাদী কাৰ্যকলাপত জড়িত থকাৰ সন্দেহত আৰু ৩ জনক আৰক্ষীয়ে আটক কৰে। নগাঁৱৰ কচুৱাৰ পৰা আৰক্ষীয়ে ৰিয়াজউদ্দিন ভূঞা নামৰ এজনক আটক কৰে।আনহাতে, যমুনামুখৰ পৰা আটক জয়নাল আহমেদ আৰু বাহাৰুল ইছলাম নামৰ আন দুজনক আটক কৰা হয়।

জানিব পৰা মতে যোৱা আগষ্ট মাহত অসমলৈ আহোতে সন্ত্ৰাসবাদী কমৰুজ্জামান ৰিয়াজউদ্দিনৰ ঘৰতো আছিল। জামানে ৰিয়াজউদ্দিনৰ বাইক ব্যৱহাৰ কৰিছিল। ধৃত তিনিওজনকে হোজাই আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

ইপিনে, হিজবুল মুজাহিদনৰ নেটৱৰ্কৰ সন্ধানত লংকা থানাত আহি উপস্থিত হৈছেহি উত্তৰ প্ৰদেশৰ এ টি এছৰ দল। দলটোৱে জেহাদী কমৰুজ্জামানৰ ককায়েক ছাইফুল ইছলামক জেৰা কৰে।

আনহাতে, অসম আৰক্ষীয়ে ডবকা থানাত জেৰা চলাইছে ওমৰ ফাৰুকক। সেইদৰে হোজাই থানাত ছাইদুল আলমক জেৰা কৰি থকা হৈছে।

উল্লেখযোগ্য যে শনিবাৰে আৰক্ষীয়ে দাবী কৰিছিল যে, ঈদৰ ৭-৮ দিনৰ আগতে হিজবুল মুজাহিদিনৰ সদস্য কামাৰ উজ জামান ওমৰ ফাৰুকৰ শ’লমৰাৰ ঘৰত আহি থাকি গৈছিল। ওমৰৰ ঘৰত ৭-৮ দিন কটাই ঈদৰ ৩ দিন পাছত কামাৰ উজ জামান দিল্লীলৈ গৈছিল। তাৰ পিছতে উত্তৰ প্ৰদেশৰ কানপুৰত সন্ত্ৰাসবাদী বিৰোধী গোটৰ (ATS) হাতত জামান গ্ৰেপ্তাৰ হয়।

আনহাতে, ওমৰক কামাৰ উজ জামানৰ সৈতে শ্বহানৱাজ আলম নামৰ এজনে চিনাকি কৰাই দিছিল। আৰক্ষীয়ে হোজাইৰ পৰা শ্বহানৱাজকো গ্ৰেপ্তাৰ কৰিছে।