NORTHEAST NOW (Assamese)
অসম

কলকাতাত বাংলা ক’ব নোৱৰা বাবেই অসমীয়াক নিৰ্য্যাতন; ফেইচবুক লাইভত মুখ্য মন্ত্ৰীক সহায় ভিক্ষা যুৱতীৰ

Posted by: এন ই নাও নিউজ September 18, 2018 7:53 pm
Kolkata Assamese Girl

কলকাতাত বাংলা ক’ব নোৱৰা বাবেই অসমীয়া যুৱকক নিৰ্য্যাতন কৰাৰ অভিযোগ উঠিছে। কেৱল অভিযোগেই নহয়, নিৰ্য্যাতনৰ পৰা বচাবলৈ সহায় বিচাৰি ফেইচবুক লাইভৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীক কাতৰ আহ্বান জনালে দুগৰাকী যুৱতীয়ে।

কলকাতাৰ নিউ টাউনৰ গৌৰাংগ নগৰ নামৰ ঠাইখনত কৰ্মসূত্ৰে থকা বুলি দাবী কৰা যুৱতী দুগৰাকীয়ে এটা ফেইচবুক লাইভৰ জৰিয়তে কয় যে অঞ্চলটোত চাৰিজন অসমীয়া যুৱকক স্থানীয় লোকে কেৱল বেংগালী ভাষাত কথা ক’ব নোৱৰা বাবেই খুব বেয়াকৈ মাৰপিট কৰে। সেইটো তেওঁলোকৰ চকুৰ সন্মুখতে ঘটে আৰু তৎসত্ত্বেও তেওঁলোকে কোনো সহায় কৰিব পৰা নাই। কাৰণ সেইটো কৰিবলৈ গ’লে তেওঁলোকো স্থানীয় লোকসকলৰ দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈ আহিছে।

আনহাতে ভুক্তভোগী ল’ৰা চাৰিজন কম বয়সীয়া আৰু কামৰ খাতিৰত তাত থকা বুলি তেওঁলোকে কয়। মাৰপিট কৰাৰ সময়ত ভুক্তভোগী যুৱককেইজনে তেওঁলোকক কি কাৰণে মাৰিছে সেয়া সুধিছে যদিও একো উত্তৰ দিয়া নাই মাৰপিট কৰাসকলে। তেওঁলোকে কেৱল বাংলাত কিয় নক’বি বুলি প্ৰশ্ন কৰে আৰু মাৰপিট কৰে। “বহুত বেয়া লাগিছে। আমাৰ চকুৰ আগত মাৰি আছে, অথচ একো কৰিব পৰা নাই। আমি মাথো চাই আছো। আমি ছোৱালী মানুহ। বচাবলৈও যাব নোৱাৰো।” থোকাথুকি মাতেৰে কয় এগৰাকী যুৱতীয়ে। ইফালে ছোৱালী দুগৰাকীকো স্থানীয় যুৱকসকলে বেয়া দৃষ্টিৰে চায় বুলি অভিযোগ কৰে।

তেওঁলোকে কয় যে ল’ৰাকেইজনৰ কি হৈছে এতিয়া (ৰাতি ১১.২২) তেওঁলোকে জানিবও পৰা নাই। মাৰি পেলাইছেও যদিও নাজানে।

যুৱতী দুগৰাকীয়ে কয় যে তেওঁলোকে নিজৰ ৰাজ্যত কাম নোপোৱা বাবেহে এইদৰে আন ৰাজ্যত যাব লগীয়া হৈছে আৰু নিৰ্য্যাতনৰ বলি হ’ব লগীয়া হৈছে বুলি কয়। সেয়ে ৰাজ্যৰ যুৱক-যুৱতী যাতে বাহিৰলৈ কাম বিচাৰি যাব লগীয়া নহয়, তাৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কাতৰ আহ্বান জনায়। তেওঁলোকে স্থানীয় লোককো অনুৰোধ জনায় যাতে তেওঁলোকে নিজৰ দৃষ্টিভংগি সলনি কৰে। তেওঁলোকে ‘আমাক ন্যায় লাগে’ বুলি কয়।

ইতিমধ্যে এই ভিডিঅ’টো অসমৰ বহু হাজাৰ লোকে শ্বেয়াৰ কৰিছে আৰু ভুক্তভোগীসকলক সহায় কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালক আহ্বান জনাইছে। বহুতে মন্তব্য কৰিছে যে এয়া অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ নেতিবাচক তথা ভুল প্ৰচাৰৰ প্ৰভাৱতো হ’ব পাৰে। কাৰণ অসমত বাংলাভাষীসকল যেনেকৈ যুগ যুগ ধৰি শান্তিৰে বাস কৰি আহিছে অসমীয়া মানুহো কলকাতাত যুগ যুগ ধৰি অসুবিধা নোহোৱাকৈ বাস কৰি আহিছে।

https://www.facebook.com/nenowassam/videos/2148628232058681/