NORTHEAST NOW (Assamese)
অসম

ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগে মোডী-হাছিনাই উন্মোচন কৰিলে দুটাকৈ প্ৰকল্প

Posted by: ৰাজীৱ ৰয় September 18, 2018 7:56 pm
hamod

আজি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই যুটীয়াভাৱে দুটা প্ৰকল্প উন্মোচন কৰে। এই প্ৰকল্প দুটাৰ উন্মোচনে দুয়ো দেশৰ মাজৰ বন্ধুত্বৰ বান্ধোনক এটা নতুন দিশ প্ৰদান কৰিছে প্ৰতীয়মান হৈছে।
দুয়োখন ৰাষ্ট্ৰৰ প্ৰধান মন্ত্ৰী দুগৰাকীয়ে ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন আৰু ঢাকা-টংগি-জয়দেবপুৰ ৰেলৱে প্ৰকল্পৰ ইলেক্ট্ৰনিক ফলক উন্মোচন কৰে।
উদ্বোধনী কাৰ্যসূচীটো ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগে অনুষ্ঠিত কৰা হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও অনুষ্ঠানত যোগদান কৰিছিল।

অনুষ্ঠানত ভাষণ দি প্ৰধান মন্ত্ৰী মোডীয়ে দুয়োখন দেশৰ মাজৰ সহোযগিতাক বিশ্বৰ বাবে আদৰ্শ হিচাপে বৰ্ণনা কৰে। তেওঁ কয় যে দুয়োখন ৰাষ্ট্ৰই ভৌগলিকভাৱে, পৰিয়াল হিচাপে, আৱেগিকভাৱে চুবুৰীয়া।
তেওঁ কয় যে প্ৰস্তাৱিত পাইপলাইনটোৱে মাত্ৰ বাংলাদেশৰ অৰ্থনীতিকেই শক্তিশালী নকৰে, দুয়ো দেশৰ মাজৰ বন্ধুত্বকো শক্তিশালী কৰিব।
প্ৰধান মন্ত্ৰী মোডীয়ে আত্মবিশ্বাসেৰে কয় যে প্ৰস্তাৱিত ৰেলপথ প্ৰকল্পোটৱে বাংলাদেশৰ ৰাষ্ট্ৰীয় আৰু নগৰীয়া পৰিবহণ ব্যৱস্থাটোক শক্তিশালী কৰাত সহায় কৰিব।