NORTHEAST NOW (Assamese)
অসম

জাগুনত পথ দুৰ্ঘটনা; গাড়ীৰ খুন্দাত প্ৰাণ গ’ল মহিলাৰ

Posted by: মানস প্ৰতিম গগৈ September 18, 2018 8:33 pm
Accident

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনত আজি এক পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে।

দুৰ্ঘটনাত প্ৰাণ হেৰুৱা মহিলাগৰাকীক জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৩নং ৰামপুৰৰ প্ৰতিমা চেতিয়া (৪৫) বুলি চিনাক্ত কৰা হৈছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে প্ৰতিমা চেতিয়াই জাগুনৰ পৰা পদব্ৰজে নিজ বাসগৃহলৈ গৈ থকা অৱস্থাত জাগুন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ সন্মুখত ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথত মাৰ্ঘেৰিটা দিশৰ পৰা আহি থকা এ এছ ২৩ এ ৮০৫৬ নম্বৰৰ মাটিজ গাড়ীখনে খুন্দা মৰাত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়।

পিছত তেওঁক চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে প্ৰতিমা চেতিয়াৰ মৃত্যু হয়।