NORTHEAST NOW (Assamese)
অসম

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত চোৰৰ উপদ্ৰৱ

Posted by: নীলমণি শৰ্মা August 28, 2018 5:09 pm
dindayal Upadhyay college dudhnoi

গোৱালপাৰাৰ জিলাৰ আমজোঙাত থকা পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত চোৰৰ উপদ্ৰৱ। নিশা উপাধ্যক্ষ ডঃ হৰিপ্ৰসাদ গৌতমৰ আৱাসৰ তলা ভাঙি লৈ গ’ল লেপটপ।

কলেজৰ কেণ্টিনখনো ভাঙি চোৰে ফ্ৰুটি খাই যোৱাৰ উপৰি বহু সময় ধৰি মহিলা আৱাসৰ কাষত টৰ্চ মাৰি মহিলা অধ্যাপিকাসকলক আতংকিত কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

পুৰুষ অধ্যাপকৰ আৱাসত বাহিৰৰ পৰা খিলি লগাই মহিলা অধ্যাপিকাৰ আৱাসত টৰ্চ মাৰি আতংক সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপিত হৈছে।

ঘটনা সংক্ৰান্তত মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ডঃ হৰিপ্ৰসাদ গৌতমে দুধনৈ থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে চাৰিওফালে হাবি-জংঘলৰ মাজত আছে অধ্যাপকসকলৰ আৱাসসমূহ।

চৌহদৰ দেৱাল নিৰ্মাণ নকৰাত আৰু চোৰৰ উপদ্ৰৱত চৰম নিৰাপত্তাহীনতাত ভোগা অধ্যাপক-অধ্যাপিকাসকলে আজি কৰ্মবিৰতিৰে প্ৰতিবাদ কৰে।