NORTHEAST NOW (Assamese)
অসম

নগাঁও কচুৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত মুকলেচ আলীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ March 11, 2019 11:27 am

নগাঁৱৰ কচুঁৱা হালধিআটিত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণকাণ্ডৰ ঘটনাৰ লগত জড়িত মূল খলনায়ক তথা অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কচুৱা আৰু কামপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই কচুৱাৰ পৰা দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ফেৰীৱালা মুকলেচ আলীক গ্ৰেপ্তাৰ কৰে। দুই নং কচুৱাৰ নিৱাসী লম্পট মুকলেচ আলী ঘটনা সংঘটিত হোৱা দিনৰে পৰা এসপ্তাহ ধৰি পলাতক হৈ আছিল।

উল্লেখযোগ্য যে যোৱা ৩ মাৰ্চত কচুৱাৰ হালধিআটি পথাৰত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীক অপহৰণ কৰি মুকলেচ আলীসহ ৭ জনীয়া নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰিছিল।

পূৰ্বতে যোৱা ৯ মাৰ্চত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত পাঁচ লম্পটক আটক কৰাৰ পিছতে আজি মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৬ জন লোকক আটক কৰবলৈ সক্ষম হৈছে।