NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ বাবে পূৰ্বৰ ১৫ টা নথিয়ে বাহাল থাকিব নে? আজি উচ্চতম ন্যায়ালয়ত মীমাংসা

Posted by: এন ই নাও নিউজ September 19, 2018 1:13 pm
NRC_Valid_Documents

আজি উচ্চতম ন্যায়ালয়ে দিব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ খচৰাত বাদ পৰা লোকসকলৰ নাগৰিকত্ব পুনৰ পঞ্জীয়নৰ বাবে বৈধ নথি হিচাপে পূৰ্বে নিৰ্ধাৰণ কৰা ১৫ বিধ নথিকে ৰখা হ’ব নে ইয়াৰ ৫বিধ অগ্ৰাহ্য কৰাৰ যি পৰামৰ্শ, সেয়া গ্ৰহণ কৰা হ’ব- এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিব উচ্চতম ন্যায়ালয়ে। আজি গোচৰটোৰ শুনানি আছে আৰু ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ নৰিমানৰ সিদ্ধান্ত কি হ’ব তাক লৈ গোটেই অসমবাসীয়ে উৎকণ্ঠাৰে অপেক্ষা কৰি আছে।

উল্লেখযোগ্য এজন ব্যক্তিয়ে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ সময়ত তেওঁৰ লিগেচি প্ৰমাণ কৰিবৰ বাবে পূৰ্বে এন আৰ চি কৰ্তৃপক্ষই ১৫বিধ নথিৰ তালিকা দিছিল, যাৰ ভিতৰত যিকোনো এবিধ হ’লেই হয়।

কিন্তু খচৰা প্ৰকাশৰ পিছত নাম বাদ পৰা ৪০ লাখৰো অধিক লোকে তেওঁলোকৰ দাবী-আপত্তিৰ সময়ত দিব পৰা নথিৰ তালিকাত সালসলনি কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই ইয়াৰে ৫ বিধ নথি অগ্ৰাহ্য কৰাৰ পৰামৰ্শ দিছিল উচ্চতম ন্যায়ালয়ক।

এই কথাটো লৈ ইতিমধ্যে ৰাজ্যত তুমুল বিতৰ্ক চলি আছে। অসন্তোষ প্ৰকাশ কৰিছে ৰাজ্যত শাসনৰ বাঘজৰী ধৰি থকা বিজেপি দলেও।

জানিব পৰামতে, ৰাজ্যিক সমন্বয়কজন আৰু ৰাজ্য চৰকাৰৰ মাজতো এই লৈ সংঘাতৰ পৰিস্থিতি হৈছে। লগতে ৰাজ্যৰ বিৰোধী দল কংগ্ৰেছ, এ আই য়ু ডি এফ, বাওঁ দলসমূহ আৰু অন্যান্য ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনে প্ৰতীক হাজেলাৰ এই কাণ্ডত মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এন আৰ চি সম্পৰ্কত অসন্তুষ্টি ব্যক্ত কৰি মতামত  প্ৰকাশ কৰা নাই যদিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰতীক হাজেলাই এই সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব ক’ত পালে বুলি প্ৰশ্ন কৰিছে।

গতিকে উচ্চতম ন্যায়ালয়ত আজি হ’ব লগীয়া এন আৰ চিৰ গোচৰৰ শুনানিত কি সিদ্ধান্ত হয়, সেয়া সকলোৰে বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।