NORTHEAST NOW (Assamese)
অসম

বিহাৰৰ শাসনাধিষ্ঠ জেডি (ইউ)ৰ ১ম ৰাজ্যিক সন্মিলন আয়োজন গুৱাহাটীত

Posted by: এন ই নাও নিউজ September 19, 2018 6:16 pm
Citizenship bill: Friend JD (U) flushes cold water through BJP's national "Sankalp''

নাগৰিকত্ব বিধেয়কৰ স্পষ্ট বিৰোধিতাৰে অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰা বিহাৰৰ শাসনাধিষ্ঠ জনতা দল (ইউনাটে’ড)এ গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লৈছে দলটোৰ প্ৰথমখন অসম ৰাজ্যিক সন্মিলন।

অহা ২৩ ডিচেম্বৰত গুৱাহাটীৰ প্ৰভা দেৱী গুপ্তা হিন্দী বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনত দলটোৰ কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিব।

‘বিহাৰ চৰকাৰৰ গ্ৰামীন বিকাশ মন্ত্ৰী শ্ৰৱণ কুমাৰ, ৰাজ্য সভা সাংসদ কঁহকচা প্ৰবীন, ৰাষ্ট্ৰীয় মহাসচিব অফাক আহমদ খান, ৰাষ্ট্ৰীয় সচিব সঞ্জয় বাৰ্মা আৰু দলৰ উত্তৰ-পূব কাৰ্য্যনিৰ্বাহক পৰিষদৰ অধ্যক্ষ চেনচুমি ল’থা উপস্থিত থাকিব,’ নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰিত জেডি (ইউ)ৰ ৰাষ্ট্ৰীয় সচিব সঞ্জয় বাৰ্মাৰ এক বিবৃতিত প্ৰকাশ।

সন্মিলনত দলটোৰ অসমৰ সমূহ কৰ্মকৰ্তাই ভাগ লোৱাৰ লগতে বহুসংখ্যক লোকে দলৰ সদস্য পদ গ্ৰহণ কৰিব বুলিও বাৰ্মাই উল্লেখ কৰিছে।

লগতে পঢ়ক নাগৰিকত্ব বিধেয়কৰ বিধেয়কৰ স্পষ্ট বিৰোধিতা বিজেপি মিত্ৰ জেডি (ইউ)ৰ

অসমৰ সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰা এটা অন্যতম ৰাষ্ট্ৰীয় দল জেডি (ইউ)।

ধৰ্মৰ ভিত্তিত দেশৰ নাগৰিকত্ব প্ৰদান ‘সংবিধানবিৰোধী’ আৰু এই বিধেয়ক উত্তৰ-পূবৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব আৰু সংস্কৃতিৰ প্ৰতি ‘ভাবুকি’—এই দুই স্পষ্ট বক্তব্যৰে দলটোৰ নেতা তথা বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰে বিধেয়ক-বিৰোধিতাৰ কথা আছুৰ প্ৰতিনিধিৰ আগত স্পষ্ট কৰিছিল।

উত্তৰ-পূবত বিশেষ প্ৰভাৱ নথকা জেডি (ইউ)ৰ লক্ষণীয়ভাৱে নাগালেণ্ডত এগৰাকী বিধায়ক আছে।