বিদেশীক টালি টোপোলা বন্ধোৱাই খেদি ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰাৰ পিছতে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে ধৰ্মৰ ভিত্তিত বিদেশীক নাগৰিকত্ব দিবলৈ তৎপৰ হৈ উঠা মোদী-সোণোৱালৰ বিপৰীতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভাষিক আৰু সাংস্কৃতিক পৰিচয় বিপন্ন কৰিব বুলি দাবী কৰি বিধেয়কখনৰ সৰ্বাত্মক বিৰোধিতা কৰিছে বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰে।
‘নাগৰিকত্ব বিধেয়ক ২০১৬ই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয় বিপন্ন কৰিব,’ নৰ্থ ইষ্ট নাও-লৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক সঞ্জয় বাৰ্মাই।
বিহাৰৰ মুখ্য মন্ত্ৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নীতীশ কুমাৰে এই বিধেয়কখনৰ সৰ্বাত্মক বিৰোধিতা কৰিছে।
আগত কোনো নিৰ্বাচনী স্বাৰ্থ নথকাকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থৰ হকে মূলতঃ বিহাৰত প্ৰভাৱশালী বিজেপি-মিত্ৰ বিহাৰৰ শাসকীয় দলটোৰ এই স্থিতি নিসঃন্দেহে সমগ্ৰ দেশৰ ৰাজনীতিৰ বাবেও তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।
নাগৰিকত্ব বিধেয়কে অসমত চলি থকা এন আৰ চি উন্নীতকৰণকো অৰ্থহীন কৰি পেলাব বুলিও দলটোৱে লগতে মত প্ৰকাশ কৰিছে।
তাৰোপৰি বিজেপি উত্থাপিত এই বিধেয়কখনে দেশৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰতে আঘাত হানিব বুলি অসমৰ সকলো প্ৰতিবাদী দল-সংগঠন-ব্যক্তিৰ সৈতে সহমত পোষণ কৰিছে।
‘ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ আৰু ধৰ্মৰ ভিত্তিত ইয়াত নাগৰিকত্ব নিৰ্ধাৰণ কৰিব নোৱাৰি,’ জে ডি (য়ু)ৰ মত।
অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অহাসকলক নাগৰিকত্ব দিয়াৰ বিপৰীতে তাৰ পিছত অসমত প্ৰৱেশ কৰাসকলক নাগৰিকত্ব প্ৰদানৰো দলটোৱে বিৰোধিতা কৰিছে।
উল্লেখযোগ্য যে আছুৰ উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে যোৱা ১৬ মে’ত বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল (ইউনাইটেড)ৰ নেতা নীতীশ কুমাৰক সাক্ষাৎ কৰিছিল।
নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰ বাবে সমৰ্থন বিচাৰি যোৱা আছুৰ দলটোক ‘নীতীশ কুমাৰে অতি স্পষ্ট আৰু দৃঢ়তাৰে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ। ধৰ্মৰ ভিত্তিত নাগৰিকত্ব নিৰূপণ হ’ব নোৱাৰে’ আৰু অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা বুলি মত প্ৰকাশ কৰা বুলি যোৱা ১৭ মে’ত গুৱাহাটীত সংবাদমেলযোগে জনাইছিল আছু নেতৃত্বই।
তাৰোপৰি বিধেয়কখনৰ বিৰোধিতাৰ বাবে অগপ দলেও কুমাৰৰ সমৰ্থন বিচাৰিছিল।