NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ পৌৰসভাৰ উদ্যোগত শিৱসাগৰ নগৰত চাফাই অভিযান

Posted by: পাৰ্শ্বজ্যোতি গগৈ September 19, 2018 7:08 pm
Sivasagar swachhata abhiyan

শিৱসাগৰ পৌৰ সভাৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ বিভিন্ন স্থানত ‘স্বচ্চতাই সেৱা’ আঁচনিৰ অধীনত এক চাফাই কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

এই কাৰ্য্যসূচীত পৌৰসভাক সহায় কৰে চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়ানৰ জোৱান সকলে।

উল্লেখযোগ্য যে ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰৰ লৈকে সমগ্ৰ দেশতে চলি থকা ‘স্বচ্চতাই সেৱা’ অভিযানৰ অংশ হিচাপে আজি পুৱা শিৱসাগৰ পৌৰসভাৰ পৌৰপতি মৃদুস্মিতা সিনহাৰ উপস্থিতিত জিলা উপায়ক্তৰ কাৰ্য্যালয়ৰ সন্মুখৰ পৰা উক্ত কাৰ্যসূচী আৰম্ভ কৰা হয়।

এই উপলক্ষে সমগ্ৰ দৌল চৌহদৰ লগতে দৌল চৌহদৰ চাৰিওফালৰ ৰাস্তাত চাফাই অভিযান চলোৱা হয়। উক্ত চাফাই অভিযানত পৌৰসভাৰ বহুসংখ্যক কৰ্মচাৰীও উপস্থিত থাকে।