NORTHEAST NOW (Assamese)
অসম

অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় সমিতিৰ প্ৰতিবেদনত সংশোধন বিচাৰিছে কেন্দ্ৰই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 5:16 pm
High-level-committee-members-of-the-Implementation-of-Clause-6-of-Assam-Accord-in-Silchar-meeting-various-organizations-and-individuals-on-Friday-750x375

অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনত কেন্দ্ৰীয় গৃহ বিভাগে কিছু নিৰ্দিষ্ট সংশোধন বিচাৰিছে, বাতৰিত প্ৰকাশ

সমিতিখনে শনিবাৰে গৃহ বিভাগক আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব বুলি বাতৰি ওলাইছিল।

খবৰমতে অসম চুক্তিৰ ৬নং দফাৰ জৰিয়তে অসমীয়া মানুহক সাংবিধানিক, বিধায়িনী আৰু প্ৰশাসনিক সুৰক্ষা দিয়াৰ বাবে সমিতিয়ে প্ৰতিবেদনত পৰামৰ্শ আগবঢ়াইছে।

সমিতিৰ প্ৰতিবেদন পোৱাৰ পিছতে পৰামৰ্শাৱলী ৰূপায়ণৰ বাবে কেন্দ্ৰই ব্যৱস্থা আৰম্ভ কৰিব বুলি শেহতীয়া কোকৰাঝাৰ ভ্ৰমণত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছিল।

যোৱা ১৬ জুলাইত ছমাহৰ বাবে সমিতিখন গঠন কৰা হৈছিল।

সমিতিখনে বিভিন্ন দল-সংগঠন, প্ৰখ্যাত ব্যক্তি, অৰ্থনীতিবিদ, আইন বিশেষজ্ঞ আদিৰ মতামত গ্ৰহণ কৰি ইয়াৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে।

একে বিষয়ক লৈ কেন্দ্ৰই যোৱা বছৰৰ জানুৱাৰিত গঠন কৰা সমিতিখনৰ বেছিখিনি সদস্যই সমিতিখনত থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰাত বৰ্তমানৰ সমিতিখন গঠন কৰা হৈছিল।

নতুন সমিতিখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ আৰু অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঞি, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, অসম আৰক্ষী (বিশেষ শাখা)ৰ প্ৰাক্তন সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্য, অৱসৰপ্ৰাপ্ত অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্ত চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৱছবিৰ হুছেইন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক ক্ৰমে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, দীপাংক নাথ আৰু লুৰিণজ্যোতি গগৈক সদস্যৰূপে লৈ গঠিত হৈছে।

পৰৱৰ্তী সময়ত শিক্ষাবিদ মৃণাল মিৰিকো সমিতিত সদস্যৰূপে লোৱা হৈছিল।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব)ক সমিতিখনত সদস্য সচিবৰূপে নিয়োগ কৰা হৈছিল।