NORTHEAST NOW (Assamese)
অসম

এইবাৰ গুৱাহাটীৰ থানাতে ২গৰাকীকৈ মহিলাক ‘যৌন নিৰ্য্যাতন’ আৰক্ষী বিষয়াৰ!

Posted by: এন ই নাও নিউজ September 19, 2018 10:59 pm

অসমত নাৰীজনিত অপৰাধ বৃদ্ধি পাই অহাৰ পৰতে এইবাৰ থানাৰ ভিতৰতে ২গৰাকী মহিলাক ‘যৌন নিৰ্য্যাতন চলাই’ গ্ৰেপ্তাৰ হৈছে গুৱাহাটীৰ সাতগাওঁ থানাৰ উপ-পৰিদৰ্শক মোহন দলে।

মহিলা দুগৰাকীৰ অভিযোগৰ পিছতে পলায়ন কৰা দলেক ছয়মাইলৰ পৰা বুধবাৰে আটক কৰে সাতগাওঁ আৰক্ষীয়ে। গুৱাহাটীৰ সহকাৰী আৰক্ষী আয়ুক্ত পূৰৱী মজুমদাৰৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে দলেক আটক কৰে বুলি সূত্ৰত প্ৰকাশ।

সম্প্ৰতি নুনমাটি থানাত উপ-পৰিদৰ্শকজনক জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।

মহিলা দুগৰাকীৰ এজাহাৰৰ ভিত্তিত বিষয়াজনৰ বিৰুদ্ধে সাতগাওঁ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাৰ অধীনত ২২৭/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।