NORTHEAST NOW (Assamese)
অসম

চাবুৱাত নৈশ বাছে মহতিয়ালে বিহু দলক; এজনৰ থিতাতে মৃত্যু

Posted by: এন ই নাও নিউজ April 20, 2019 10:30 am
night super bus

ডিব্ৰুগড় জিলাৰ চাবুৱাত শুকুৰবাৰে নিশা সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাবে আহত হয়।

নিহত লোকজনৰ চাবুৱাৰে কুশল বৰুৱা বুলি চিনাক্ত কৰা হয়। গুৰুতৰভাবে আহত হয় পল্লৱ কুমাৰ দাস নামৰ লোকজন।

ঘটনাৰ বিবৰণী অনুসৰি, চাবুৱাত এটা বিহুৱা দলে ঘৰে ঘৰে বিহু গাই থাকোতে এঘৰৰ পৰা বিহু গাই ওলাই অহা অৱস্থাত বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহৰ সমীপতে তীব্ৰ বেগী নৈশ বাছ এখনে বিহুৱা দলটোক খুন্দা মাৰে। গাড়ীখনৰ খুন্দাত দলটোৰ কুশল বৰুৱা নামৰ সদস্যজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে একেলগে আহি থকা পল্লৱ বৰুৱাই কোনোমতে বাচিবলৈ সক্ষম হয় যদিও গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত পল্লৱক শংকতজনক অৱস্থাত ডিব্ৰুগড়ত থকা অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি চাবুৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীখনৰ চলক আৰু হেণ্ডিম্যানজনে পলায়ন কৰে।

উল্লেখযোগ্য যে, দুৰ্ঘটনাটোত মৃত্যু হোৱা আৰু আহত হোৱা কুশল বৰুৱা আৰু পল্লৱ কুমাৰ বৰুৱা বিজেপিৰ কৰ্মী আছিল। কৰ্মীজনৰ মৃত্যুত চাবুৱা বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত শোকৰ ছাঁ পৰে।