NORTHEAST NOW (Assamese)
অসম

স্পাইছ জেটে গুৱাহাটীৰ পৰা আৰম্ভ কৰিব পাটনা, হায়দৰাবাদ, পাকয়ঙলৈ প্ৰত্যক্ষ বিমান সেৱা

Posted by: এন ই নাও নিউজ September 20, 2018 7:47 pm
SpiceJet...-750x375

আঞ্চলিক অসামৰিক বিমান সেৱা উন্নীতকৰণৰ লক্ষ্যৰে স্পাইছ জেটে গেংটকৰ পাকয়ং, পাটনা আৰু হায়দৰাবাদলৈ গুৱাহাটীৰ পৰা অতি শীঘ্ৰে তিনিখন নতুন বিমান সেৱা আৰম্ভ কৰিব।

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা দৈনন্দিন গুৱাহাটী-পাটনা-গুৱাহাটী আৰু গুৱাহাটী-হায়দৰাবাদ-গুৱাহাটী লৈকে অহা ১০ অক্টোবৰৰ পৰা আৰু গুৱাহাটী-পাকয়ং-গুৱাহাটী আকাশী পথত অহা ১৬ অক্টোবৰৰ পৰা এই বিমান সেৱা আৰম্ভ হ’ব।

আজি জনতাভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত স্পাইছ জেট কৰ্তৃপক্ষই এই নতুন বিমান সেৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

স্পাইছ জেটৰ পদক্ষেপক মুখ্য মন্ত্ৰী সোণোৱালে শলাগ লোৱাৰ লগতে এই যুগান্তকাৰী পদক্ষেপে ব্যৱসায়-বাণিজ্য, শৈক্ষিক আৰু স্বাস্থ্য খণ্ডৰ লগতে পৰ্যটকৰ সংখ্যা বৃদ্ধিতো অৰিহণা যোগাব বুলি উল্লেখ কৰে।

আনহাতে উন্নয়নৰ বাবে যোগাযোগ ব্যৱস্থা উন্নত হোৱাটো জৰুৰী বুলি উল্লেখ কৰি সোণোৱালে অসম তথা উত্তৰ-পূবৰ বিকাশৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে লোৱা পদক্ষেপ সমূহৰ শলাগ লয়।

আজিৰ এই অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, পৰিবহন বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰীও উপস্থিত থাকে।