NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ ৰূপহীহাটত বিদ্যুৎস্পৃষ্ট হৈ ৬ জনৰ মৃত্যু : মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ

Posted by: মিণ্টু দাস September 21, 2018 10:06 am
transformer-1000656_960_720-56db0f513df78c5ba043681a

নগাঁও জিলাৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত সংঘটিত হৈছে এক ভয়ানক দুর্ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ ৬ জন লোকৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে এটা পুখুৰীত ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰ ছিগি পৰি আছিল। কেবাজনো লোক পুখুৰীটোত মাছ মাৰিবলৈ গৈছিল। মাছ মাৰিবলৈ যোৱা ৬ জন লোকৰ বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যু হয়। মৃত্যু হোৱা সকলৰ ভিতৰত শিশুও আছে।

বৰ্তমান সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাইজে বিদ্যুৎ বিভাগক তাঁৰ ছিগাৰ কথা জনাইছিল বুলি স্থানীয় লোকে জানিব দিয়ে।

পুৱাই সংঘটিত এই ঘটনাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু ৫ জন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই ঘটনাত মৃত্যু হোৱা লোক ৬জন হৈছে ক্ৰমে ৰফিকুল ইছলাম, জবৰ আলী, মইনুল ইছলাম, হবিবুৰ ৰহমান, ইনামুল ইছলাম আৰু আশীকুল ইছলাম।

মৃত্যু হোৱা আৰু আহত হোৱা আটাইকেইজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ অনা হৈছে। চিকিৎসালয়খনত বৰ্তমান এক মৰ্মান্তিক পৰিৱেশে বিৰাজ কৰি আছে।

ইপিনে উত্তেজিত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ এই অৱহেলাৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাটোৰ বাবে বিভাগৰ কৰ্মচাৰীৰ ঘৰত আক্ৰমণ কৰাৰ লগতে বাহনো ভাঙি পেলায়।

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে  শক্তিমন্ত্ৰী তপন গগৈক ঘটনাস্থলীলৈ যোৱাৰো নিৰ্দেশ দিছে।