NORTHEAST NOW (Assamese)
অসম

অসমৰ ৰাজ্যপাল জগদীশ মুখিক মণিপুৰৰ ৰাজ্যপালৰূপে অতিৰিক্ত দায়িত্ব

Posted by: এন ই নাও নিউজ April 28, 2018 5:59 pm
JagdishMukhi

মণিপুৰৰ ৰাজ্যপাল নাজমা হেপাতুল্লাই ছুটী লোৱা বাবে অসমৰ ৰাজ্যপাল জগদীশ মুখি ( Jagdish Mukhi )ক মণিপুৰৰো ৰাজ্যপালৰূপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ ৰাজ্যপালজনক ২৭ এপ্ৰিলৰ পৰা এই অতিৰিক্ত দায়িত্ব সম্পাদনৰ বাবে নিৰ্দেশ দিছে।

এই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ কাৰ্য্যালয়ৰ পৰা জাৰি কৰা বিবৃতিত ‘ছুটীত থকা মণিপুৰৰ ৰাজ্যপাল নাজমা হেপাতুল্লাৰ অনুপস্থিতিত নিজৰ দায়িত্বৰ উপৰি মণিপুৰৰ ৰাজ্যপাল হিচাপেও কৰ্তব্য সম্পাদনৰ বাবে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখিক নিযুক্তি দি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সন্তোষ পাইছে।’