NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ পাণ্ডুস্থিত বিদ্যা মন্দিৰ হাইস্কুলত ছেনিটেৰি নেপকিন ব্যৱহাৰ সম্পৰ্কীয় সজাগতা সভা

Posted by: এন ই নাও নিউজ April 28, 2018 5:57 pm
SanitaryNepkin

ছেনিটেৰি নেপকিনৰ ব্যৱহাৰে মহিলাৰ স্বাস্থ্যত গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই চেতনাৰ আধাৰতে গোটেই দেশতে ছেনিটেৰি নেপকিন ব্যৱহাৰ সম্পৰ্কত সজাগতা বৃদ্ধিৰ এটা প্ৰয়াস দেখা যায়।

আজি মহানগৰীৰ পাণ্ডুস্থিত বিদ্যা মন্দিৰ হাইস্কুলতো আস্মিতা ফাউণ্ডেইশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা সভা, য’ত ছেনিটেৰি নেপকিন ব্যৱহাৰ সম্পৰ্কত আলোচনা আৰু পৰামৰ্শই ঠাই পায়।

ছেনিেৰি নেপকিন ব্যৱহাৰত ল লগীয়া সাৱধানতা আৰু মাহেকীয়াৰ বিষয়ে ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই সভাখনত মহিলাসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বক্তৃতা প্ৰদান কৰে ড০ দপ্তিৰেখা শৰ্মাই। ইফালে ড০ শৰ্মাই ছাত্ৰীসকলক বিভিন্ন ধৰণৰ পৰামৰ্শ আগ বঢ়াবিদ্যালয়খনৰ প্ৰায় দুই শতাধিক ছাত্ৰীয়ে এই সজাগতা অনুষ্ঠানত অংশ লয়।

অনুষ্ঠানটোত উপস্থিত আছিল বিদ্যা মন্দিৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী সুৰচন্দ্ৰা বচাগ, অস্মিতা ফাউণ্ডেইশ্যনৰ সভানেত্ৰী দেৱযানী পাটিকাৰৰ লগতে স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সংগঠনটোৰ সদস্যাসকল।

উল্লেখযোগ্য যে ছাত্ৰীসকলক সজাগ কৰাৰ উদ্দেশ্যে এনে অনুষ্ঠান পৰ্য্যায়ক্ৰমে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়ত অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে উদ্যোক্তা সংস্থাটোৱে