NORTHEAST NOW (Assamese)
অসম

মুদ্ৰাস্ফীতি! পাকিস্তানত এটা কণীৰ দাম ৩০টকা, ১ কিলো আদাৰ দামৰ ১হাজাৰ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 24, 2020 5:51 pm
pakistan market

মুদ্ৰাস্ফীতিৰ বাবে পাকিস্তানৰ আৰ্থিক অৱস্থা নাজল-নাথল হৈ পৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিছে।

সৰ্ব সাধাৰণ লোকৰ বহুতেই তেওঁলোকৰ দৈনন্দিন নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ উপায়হীন হৈ পৰিছে।

বৰ্তমান পৰিস্থিতি এনে পৰ্যায় পাইছে যে দেশখনত এটা কণী ৩০টকাত বিক্ৰী হৈছে। পাকিস্তানত এক ডজন কণী কিনিবলৈ এতিয়া ৩৫০টকাৰ প্ৰয়োজন।

শীতৰ বতৰত পাকিস্তানত কণীৰ চাহিদা বৃদ্ধি পাইছে। কিন্তু তাৰ লগতে বৃদ্ধি পাইছে ইয়াৰ দামো।

আনহাতে, পাকিস্তানত প্ৰতি কিলো চেনি বিক্ৰী হৈছে ১০৪টকাত। আনহাতে, আদাৰ প্ৰতি কিলোত দাম হৈছে ১হাজাৰ টকা।

দেশখনৰ অৰ্থনীতি ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বৰ্তমানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান। কিন্তু তেওঁৰ চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই।

তথ্য অনুসৰি, পাকিস্তানৰ জনসংখ্যাৰ ৫০শতাংশই বৰ্তমান দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে।