NORTHEAST NOW (Assamese)
অসম

নিংগামত আৰক্ষী জোৱানৰ বাসগৃহ অগ্নিকাণ্ডত সম্পূৰ্ণ ভস্মীভূত

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 24, 2020 6:28 pm
IMG-20201224-WA0019

 তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত কুমচাই পঞ্চায়তৰ নিংগাম গাঁৱত যোৱা নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।

অঞ্চলটোৰ নিবাসী অসম আৰক্ষীৰ জোৱান বৰ্তমান ডিফুত নিয়োজিত অংঠোন চাখাপৰ গাঁওস্থিত বা নিশা অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ জাহ যায়।

পুৱতি নিশা প্ৰায় দুই মান বজাত এই ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক চৰ্ত চাৰ্কিট বুলি সন্দেহ কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত এটা ছিলিণ্ডাৰো বিস্ফোৰিত হয় আৰু অতি কম সময়ৰ ভিতৰত সম্পূৰ্ণ ঘৰটো জ্বলি ছাই হৈ যায়।

ঘটনা সংঘটিত হোৱাৰ সময়ত চাখাপৰ মাতৃ আৰু পত্নী উপস্থিত আছিল আৰু তেওঁলোকে কোনোমতে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।

জুইত প্ৰায় দহ লক্ষ টকা মূল্যৰ সা সম্পত্তি জাহ যায় বুলি সন্দেহ কৰা হৈছে। স্থানীয় আৰাক্ষীয়ে অগ্নিকাণ্ডৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।