NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎ বিজুতিৰ ফলত নগাঁৱৰ জুৰীয়াত বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত ১৫টাকৈ ঘৰ

Posted by: মিণ্টু দাস September 21, 2018 7:36 pm
Nagaon Juria

নগাঁও জিলাৰ ৰূপহীহাটত বিদ্যুৎস্পৃষ্ট হৈ আজি পুৱা ৭ জন লোকে প্ৰাণ হেৰুৱাৰ ঘটনাৰ কেইঘণ্টামানৰ পিছতে জুৰীয়াৰ পামকালিয়াডঙ্গাত এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হোৱাত সমগ্ৰ জুৰীয়া আৰু ৰূপহীহাট অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে উক্ত বিধ্বংসী অগ্নিকাণ্ডত অঞ্চলটোৰ ১৫ টাকৈ ঘৰ ভষ্মীভূত হয়।

বিদ্যুতৰ বিজুতিৰ বাবেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ’ল বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ জুইত আকাশ আলী, মোহম্মদ আলীৰ পৰিয়ালৰ ১৫ ঘৰ ভস্মীভূত হোৱাৰ উপৰি কেবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হয়।

অৱশ্যে অগ্নিকাণ্ডৰ খবৰ লাভ কৰি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ ৰাওনা হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আনহাতে, অগ্নিকাণ্ডটোৰ ফলত পামকালিয়াডঙ্গা নিম্ন প্ৰাথমিক বিদ্যালয়ৰো ক্ষতি হৈছে বুলি জানিব পৰা গৈছে।