NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰা অসম-মেঘালয় সীমান্তত প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ পথ নিমাৰ্ণত ব্যাপক দুৰ্নীতি

Posted by: নীলমণি শৰ্মা September 22, 2018 11:02 pm
PMGSY

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত প্ৰধান মন্ত্ৰী গ্ৰামচড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে। পাইকান-তুৰা ৰাষ্ট্ৰীয় পথৰ লৱাৰ চোটিপাৰাৰ পৰা কাটাচিবাৰী হৈ বদাহপুৰলৈ যোৱা পথছোৱাত সংঘটিত হৈছে এই অনিয়ম।

গড়কাপ্তানি বিভাগৰ দুধনৈ উপ সংমণ্ডলৰ অধীনস্থ এই পথছোৱা নিৰ্মাণৰ বাবে প্ৰায় ৬ কোটি টকা আবণ্টন দিয়া হৈছিল যদিও পথ নিৰ্মাণৰ দায়িত্ব থকা ফুছফাছ কনচট্ৰাকচন প্ৰাঃলি নামৰ প্ৰতিষ্ঠানটোয়ে বিভাগীয় নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই নিজ ইচ্ছা মতে কাম চলাই গৈছে বুলি ৰাইজে অভিযোগ কৰে।

এই সম্পৰ্কে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰাত কৰ্তৃপক্ষই তদন্ত কৰি পথ নিৰ্মাণৰ বাবে অনা পাথৰসমূহ  অতি নিম্নমানৰ আৰু ব্যৱহাৰৰ অনুপযোগী বুলি চিহ্নিত কৰি পথ নিৰ্মাণকাৰী সংস্থা তথা সংশ্লিষ্ট ঠিকাদাৰক কঠোৰ নিৰ্দেশ জাৰি কৰে। কিন্তু ইয়াৰ পিছতো সংস্থাটোয়ে কৰ্তৃপক্ষৰ নিৰ্দেশ অমান্য কৰি নিম্নমানৰ শিলবালিৰে পথ নিৰ্মাণৰ কাম চলাই গৈছে ৷

ৰাইজৰ অভিযোগৰ পিছতো গড়কাপ্তানি বিভাগ বা জিলা প্ৰশাসনে নাকী লগাব পৰা নাই পথ নিৰ্মাণৰ দায়িত্বত থকা ফুছফাছ কনচট্ৰাকচন প্ৰাঃলিমিটেড নামৰ প্ৰতিষ্ঠান টোক।

অকল এই পথটোয়ে নহয় ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ সীমান্তৱৰ্তী এই অঞ্চল সমূহত ৮⁄১০ টা পথ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে যদিও প্ৰায় কেইটা পথতে অনিয়ম চলাৰ পিছতো গড়কাপ্তানি বিভাগটোয়ে কাম সঠিক ভাবে পৰ্যবেক্ষণ কৰিব পৰা নাই। ফলত প্ৰায় সংখ্যক পথেই এতিয়া ঠিকাদাৰৰ বাবে সোণৰ কণী পৰা হাহঁৰ লেখিয়া হৈছে।