NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণৰ আতংকত আজিৰ পৰা ইংলেণ্ডত চাৰিসপ্তাহৰ বাবে পুনৰ আৰম্ভ হ’ল ল’কডাউন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 6:01 pm
ক’ৰ’নাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণৰ আতংকত আজিৰ পৰা ইংলেণ্ডত চাৰিসপ্তাহৰ বাবে পুনৰ আৰম্ভ হ’ল ল’কডাউন

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে বৃহস্পতিবাৰে ইংলেণ্ডত দ্বিতীয় বাৰৰ বাবে ল’কডাউন ঘোষণা কৰা হয়।

বৃহস্পতিবাৰে ইংলেণ্ডৰ নীতি নিৰ্ধাৰক সকলে চাৰি সপ্তাহৰ বাবে ল’কডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

হাউচ অফ কমনত ৫১৬ ভোটেৰে ইংলেণ্ডত পুনৰ ল’কডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গৃহীত হয়।

এই সময়ছোৱাত জিম, ক্লাৱ আদিকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ বাহিৰৰ সকলো সেৱা বন্ধ থাকিব।

ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনে ডিচেম্বৰৰ ২ তাৰিখৰ পাছত নিজে ল’কডাউনৰ সামৰণি পৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইংলেণ্ডত ক’ৰ’না ভাইৰাছৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে।

ইংলেণ্ডৰ লগতে স্পেইন, জাৰ্মানী, ইটালীকে আদি কৰি ভালেকেইখন ইউৰোপীয় দেশত ক’ৰ’না ভাইৰাছৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হৈছে।

স্পেইনতো এই সংক্ৰমণ ৰোধৰ বাবে ৰাষ্ট্ৰজোৰা জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।