NORTHEAST NOW (Assamese)
Popular Stories

পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবেই পত্নীৰ ওপৰত এচিড আক্ৰমণ স্বামীৰ; ক’ত ঘটিল এই জঘন্য কাণ্ড?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2021 11:03 am
index.jpga

ডিজিটেল ইণ্ডিয়াৰ ঢাক-ঢোল বজাই থকা ভাৰতত আজিৰ পৰা প্ৰায় দুই শতিকাৰ পূৰ্বে আধুনিক শিক্ষাৰ প্ৰৱৰ্তন হোৱাৰ পিছতো পুৰণি ধ্যান ধাৰণাৰ পৰা মুক্ত হ’ব পৰা নাই দেশৰ একাংশ জনগণ।

এই কথাৰ প্ৰমাণ কৰি একবিংশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে এগৰাকী স্বামীয়ে পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবে নিজৰ পত্নীৰ শৰীৰত এচিড আক্ৰমণ কৰাৰ দৰে অতি জঘন্য ঘটনা সংঘটিত কৰিছে।

ঘটনাৰ বিৱৰণীৰ মতে পঞ্জাৱৰ পাতিয়ালা জিলাৰ নওগাভান গাঁৱৰ এজন স্বামীয়ে দুটি কন্যা সন্তানৰ মাতৃ তেওঁ পত্নীৰ পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবে দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰি আহিছিল।

বাতৰিৰ মতে দম্পতীহাল ২০১৪ চনত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পিছত পত্নীয়ে দুটি কন্যা সন্তানৰ জন্ম দিয়ে। এটি কন্যাৰ বয়স ৬ আৰু সৰু কন্যাটিৰ বয়স ৪ বছৰ।

দুটি কন্যা সন্তান জন্ম হোৱাকলৈ স্বামীয়ে প্ৰায়ে পত্নীক জগৰীয়া কৰি অত্যাচাৰ কৰি আহিছিল যদিও যোৱা মংগলবাৰে এই অত্যাচাৰে চৰম সীমা অতিক্ৰম কৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে মংগলবাৰে ৰাতি এই কথাটোকে লৈ পুনৰ স্বামীয়ে পত্নীৰ ওপৰত অত্যাচাৰ কৰাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে স্বামীয়ে পত্নীৰ শৰীৰত এচিডেৰে আক্ৰমণ কৰি ঘৰৰ পৰা পলায়ন কৰে।

মহিলাগৰাকীৰ আৰ্তনাদ শুনি চুবুৰীয়া লোকে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি এচিড আক্ৰান্ত মহিলাগৰাকীক প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে।

স্থানীয় লোকে ততাতৈয়াকৈ মহিলাগৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। মূৰ আৰু বুকুত এচিড পৰি গুৰুতৰ ভাৱে আক্ৰান্ত মহিলাগৰাকীৰ শৰীৰৰ প্ৰায় ৫৮ শতাংশ অগ্নিদগ্ধ হোৱা বুলি ঘোষণা কৰিছে চিকিৎসকে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজুৰ কৰি আক্ৰান্ত মহিলাগৰাকীৰ অভিযুক্ত পলাতক স্বামীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।