NORTHEAST NOW (Assamese)
অসম

সকাহ নাপালে অৰ্ণৱ গোস্বামীয়ে; শুকুৰবাৰে পুনৰ বোম্বে হাইকোৰ্টত হ’ব শুনানি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 6:25 pm
Arnab-arresteed

ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীয়ে সদ্যহতে আদালতৰ পৰা কোনো সকাহ লাভ নকৰিলে। বৃহস্পতিবাৰে বোম্বে হাইকোৰ্টে তেওঁক কোনো অন্তৰ্ৱতীকালীন সকাহ নিদিলে।

ন্যায়াধীশ এছ এছ সিন্দে আৰু ন্যায়াধীশ এম এছ কাৰ্ণিকৰ বিচাৰপীঠে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ অবৈধ বুলি জনোৱা আবেদনৰ সম্পৰ্কত কোনো নিৰ্দেশ নিদিলে।

শুকুৰবাৰে আবেলি তিনি বজাত পুনৰ শুনানি অনুষ্ঠিত হ’ব।

২০১৮চনৰ আত্মহত্যাৰ প্ৰৰোচনা গোচৰত ‘অবৈধ গ্ৰেপ্তাৰ’ক প্ৰত্যাহ্বান জনাই অৰ্ণৱ গোস্বামীয়ে বোম্বে হাইকোৰ্টত আবেদন দাখিল কৰিছিল।

আবেদনত আলিবাগ আৰক্ষীয়ে দাখিল কৰা এফ আই আৰ খাৰিজ কৰাৰ আৰ্জি জনোৱা হৈছে। সেইদৰে, গোচৰৰ তদন্ত স্থগিত ৰাখিবলৈ জৰুৰী নিৰ্দেশ দিয়াৰ অনুৰোধ জনোৱাৰ লগতে তেওঁক অবিলম্বে মুক্ত দিয়াৰো আবেদন জনোৱা হৈছে।

অৰ্ণৱ গোস্বামীয়ে তেওঁৰ আবেদনত দাবী কৰিছে যে ‘ক্ষমতাৰ অপব্যৱহাৰ, মিছা তথ্য সজোৱা আৰু বলপূৰ্বক আবেদনকাৰীক গ্ৰেপ্তাৰৰ বাবে’ যিটো গোচৰ বন্ধ কৰি দিয়া হৈছিল সেইটো পুনৰ মুকলি কৰা হৈছে।