NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ পৰা ৩০ মিলিয়ন কোভিড ভেকচিন ক্ৰয় কৰাৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ বাংলাদেশৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 6:52 pm

বৃহস্পতিবাৰে বাংলাদেশ চৰকাৰে ভাৰতৰ চেৰাম ইষ্টিটিউটৰ সৈতে কোভিড ভেকচিন ক্ৰয় কৰাৰ ক্ষেত্ৰত এক চুক্তিত চাক্ষৰ কৰে।

এই চুক্তি অনুসৰি বাংলাদেশে ভাৰতৰ চেৰাম ইষ্টিটিউটৰ পৰা এষ্ট্ৰাজেনিকাই প্ৰস্তুত কৰি উলিওৱা ৩০ মিলিয়ন কোভিড ভেকচিন ক্ৰয় কৰিব।

কোভিড ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ ঔষধ নিৰ্মাণকাৰী সংস্থা এষ্ট্ৰাজেনিকা শীৰ্ষ স্থানত আছে।

‘‘যেতিয়াই কোভিড ভেকচিন সাজু হৈ উঠিব চেৰাম ইষ্টিটিউটে আমাক প্ৰথম পৰ্যায়ত ৩০ মিলিয়ন কোভিড ভেকচিন প্ৰদান কৰিব,’’ চুক্তি স্বাক্ষৰ কৰাৰ পাছতে বাংলাদেশৰ স্বাস্থ্য মন্ত্ৰী জাহিদ মালিকে এইদৰে কয়।

উল্লেখযোগ্য যে, এষ্ট্ৰাজেনেকাই ভাৰতৰ চেৰাম ইষ্টিউটৰ সহযোগত ভাৰততো ক’ৰ’না ভেকচিনৰ মানৱ দেহত পৰীক্ষণ সম্পন্ন কৰিছিল।

ভাৰতৰ দহখন চহৰত এই পৰীক্ষণ সম্পন্ন কৰা হৈছিল।

ভাৰতৰ লগতে বাংলাদেশতো ক’ৰ’নাৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছিল। বাংলাদেশে চীনৰ কোভিড ভেকচিন নিৰ্মাণকাৰী সংস্থাৰ সৈতেও কোভিড ভেকচিনৰ ক্ষেত্ৰত চুক্তিবদ্ধ হৈছে।