NORTHEAST NOW (Assamese)
অসম

বোকাখাতত নিশা সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক

Posted by: উত্তম শইকীয়া September 23, 2018 1:07 pm
দুৰ্ঘটনা

বোকাখাতৰ লখৌজানত শনিবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে থিতাতে প্ৰাণ হেৰুৱাব লগীয়া হয়।

উল্লেখযোগ্য যে নগাঁও জিলাৰ কুঁৱৰীটোলৰ হিৰণ্য বৰুৱা নামৰ যুৱকজনে ভাড়াঘৰত থাকি লখৌজানত হোটেল ব্যৱসায় চলাই আহিছিল।

প্ৰাপ্ত তথ্য মতে আনদিনাৰ দৰে শনিবাৰেও নিশা হোটেলৰ পৰা নতুনকৈ এডভেঞ্জাৰ মটৰচাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাত লখৌজান তিনিআলিৰ সমীপত মটৰচাইকেলসহ পথৰ দাঁতিত পৰি থকা অৱস্থাত তহলদাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে।

ফলত তাৎক্ষণিকভাৱে বোকাখাত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে যুৱকজনক নিশা কোনো দ্ৰুতবেগী নৈশ ট্ৰাকে খুন্দা মৰাত মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও একো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।