NORTHEAST NOW (Assamese)
অসম

হিজবুল মুজাহিদিনৰ লগত জড়িত আৰু এজনক লামডিঙত গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ September 23, 2018 1:09 pm
42327077_2244224245864660_8445069798987005952_n

জম্মু-কাশ্মীৰৰ নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ লগত জড়িত আন এজন অভিযুক্ত অভিমুন্য চৌহানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে পুৱতি নিশা লামডিঙৰ হাতিকালিৰ খেৰণীৰ ১নং মচকাৰ পৰা চৌহানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অভিমূন্য চৌহানে কামৰুজ জামানৰ লগত অস্ত্ৰ যোগানৰ কাৰবাৰত জড়িত আছিল। হোজাই আৰক্ষীয়ে সন্ধান চলাই অহা চৌহানক গ্ৰেপ্তাৰৰ পিছত বৰ্তমান লংকা আৰক্ষী থানাত ৰখা হৈছে।

উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ কানপুৰত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সদস্য কামৰুজ জামানক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাজ্যজুৰি অসম আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে।

শনিবাৰে হিজবুল মুজাহিদীনৰ লগত জড়িত থকাৰ অভিযোগত হোজাইৰ আৰক্ষীয়ে বৰপেটা আৰু তাৰাবাৰী থানাৰ আৰক্ষীৰ সহযোগত বৰপেটাত অভিযান চলাই জিলাখনৰ বৰপেটা আৰু তাৰাবাৰী থানা এলেকাৰ পৰা তিনিজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰিছিল।

একেদৰে যোৱা ১৬ ছেপ্টেম্বৰত জেহাদীৰ সন্দেহত হোজাই আৰক্ষীয়ে ৩জন লোকক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কেইজন হৈছে ৰিয়াজুদ্দিন ভুঞা, জয়নাল আহমেদ আৰু বাহৰুল ইছলাম। ৰিয়াজুদ্দিনক কছুৱাৰ পৰা আৰু জয়নাল আৰু বাহৰুলক যমুনামুখত গ্ৰেপ্তাৰ কৰা হৈছিল।

আনহাতে, গুৱাহাটী আৰক্ষীয়ে হিজবুল মুজাহিদিনৰ লিংকমেন ওমৰ ফাৰুকক ১৫ ছেপেটেম্বৰত সন্ধিয়া ৫-০০বজাত বৰ্নিহাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।