NORTHEAST NOW (Assamese)
অসম

২৮ ছেপ্টেম্বৰৰ সৰ্বভাৰতীয় ট্ৰেড বন্ধৰ আহ্বানলৈ অসমৰ ব্যৱসায়িক সংগঠনৰ সমৰ্থন

Posted by: এন ই নাও নিউজ September 23, 2018 2:00 pm
DnDFqFyW4AAiY7H

কনফেডাৰেশ্যন অব্‌ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ আহ্বান মৰ্মে অহা ২৮ ছেপ্টেম্বৰত খুচুৰা ব্যৱসায়িক খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ তথা ৱালমাৰ্ট, আলিবাবা আদিৰ দৰে বৃহৎ কোম্পানীৰ ফ্লিপকাৰ্ট, আমাজন আদিৰ সৈতে একত্ৰিকৰণৰ বিৰোধিতা কৰি আহ্বান কৰা সৰ্বভাৰতীয় ট্ৰেড বন্ধলৈ অসমৰ বহুকেইটা ব্যৱসায়িক সংগঠনে পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

গুৱাহাটীৰ ছাত্ৰীবাৰীত অৱস্থিত গুৱাহাটী মটৰ পাৰ্টছ ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হোৱা এখন সভাত ৰাজ্যৰ ব্যৱসায়িক সংগঠনকেইটাই এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই সভাখনত অসম চেম্বাৰ অব্‌ কমাৰ্চ, কামৰূপ চেম্বাৰ অব্‌ কমাৰ্চ, গুৱাহাটী পেট্ৰ’লিয়াম ডীলাৰ্ছ এছ’চিয়েশ্যন, গুৱাহাটী ট্ৰেন্সপ’ৰ্ট এছ’চিয়েশ্যন, অসম ড্ৰাগ ডীলাৰ্ছ এছ’চিয়েশ্যন আদি সংগঠনৰ নেতৃবৰ্গকে ধৰি গুৱাহাটীৰ প্ৰায় সকলো বজাৰ সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

সভাই ইয়াৰ উপৰি বন্ধৰ লগত সংগতি ৰাখি এলানি কাৰ্যসূচীও ঘোষণা কৰে। এই কাৰ্যসূচী অনুসৰি সদৌ অসম ব্যৱসায়ী সন্থাসমূহৰ উমৈহতীয়া মঞ্চই ২৬ ছেপ্টেম্বৰত দিনৰ ১১-৩০ বজাৰপৰা ১-৩০ বজালৈকে ফাঁচীবজাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব।

উল্লেখযোগ্য যে ৱালমাৰ্ট, আলিবাবা আদিৰ দৰে বৃহৎ গোলকীয় কোম্পানীসমূহে ভাৰতৰ খুচুৰা ব্যৱসায় খণ্ডত খোপনি পুতিব পাৰিলে দেশৰ অসংগঠিত খুচুৰা খণ্ড নিঃশেষ হৈ যাব বুলি সংগঠনকেইটাই মত পোষণ কৰে। সেইদৰে খুচুৰা খণ্ডত ১০০ শতাংশ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ ফলত দেশৰ অসংগঠিত খুচুৰা খণ্ডই আটাইতকৈ বেছি দুৰ্ভোগ ভুগিবলগীয়া হ’ব বুলিও তেওঁলোক শংকিত হোৱাৰ কথা সদৰী কৰিছে।

শনিবাৰৰ সভাই মত ব্যক্ত কৰে যে দেশৰ ব্যৱসায়ীসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ প্ৰদানেৰে ৰাজকোষ শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেয়ে ব্যৱসায়ীসকলৰ সমস্যা সমাধান কৰাত চৰকাৰে গুৰুত্ব দিয়া উচিত। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উমৈহতীয়া মঞ্চৰ সমন্বয়ক শিশিৰ দেৱ কলিতাই এই কথা প্ৰকাশ কৰিছে।