NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ শিলঘাট ৰে’ল ষ্টেইশ্যন অচিৰেই জিলিকি উঠিব দেশৰ ৰে’ল-মানচিত্ৰত : ৰাজেন গোহাঁই

September 23, 2018 2:10 pm
কলিয়াবৰৰ শিলঘাট ৰে’ল ষ্টেশ্যন অচিৰেই জিলিকি উঠিব দেশৰ ৰে’ল- মানচিত্ৰত। সকলো সধৰণৰ সা-সুবিধা উপলব্ধ হ’ব এই শিলঘাট ৰে’ল ষ্টেশ্যনত এই ঘোষণা ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘোষণা।
শনিবাৰে শিলঘাটত উপস্থিত হৈ ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে কয়, ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  প্ৰতি পৰ্যটকৰ যাতায়াতৰ সা-সুবিধাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ভিতৰত শিলঘাট ৰে’ল ষ্টেশ্যনক সংযোগ কৰা হ’ব দূৰণিবটীয়া ৰেলসেৱাৰে।
আনহাতে ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উচ্চপদস্থ বিষয়াৰে কালি অৰ্থাৎ ২২ ছেপ্টেম্বৰত শিলঘাট ৰে’ল ষ্টেইশ্যনতে এক বৈঠকতো মিলিত হয়।
ইফালে দীৰ্ঘদিনীয়া কলিয়াবৰৰ ৰাইজৰ আশা আৰু দাবীক সন্মান জনাই শেহতীয়াকৈ শনিবাৰে অৰ্থাৎ ২২ ছেপ্টেম্বৰত মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন ৰে’ল ষ্টেইশ্যনৰ লগত ফেৰ মাৰবি পৰাকৈ এক নতুন ৰূপ দিবলৈ কাৰ্যপন্থা হাতত লোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।